NORTHEAST NOW (Assamese)
দেশ

দুই সন্তানক বিহ দি হত্যা; তাৰপিছত চৰম সিদ্ধান্ত পতি-পত্নীৰ : ঘটনাৰ আঁৰৰ ৰহস্য মৰ্মান্তিক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 6, 2025 7:59 pm

সোমবাৰে কৰ্ণাটকৰ বেংগালুৰুৰ এটা ঘৰত এহাল দম্পতী আৰু তেওঁলোকৰ পাঁচ বছৰীয়া কন্যা আৰু দুবছৰীয়া পুত্ৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, বেংগালুৰুৰ আৰ এম ভি ২য় ষ্টেজ এলেকাৰ ভাড়াঘৰত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, দম্পতীহালে দুই সন্তানক প্ৰথমে বিহ দি হত্যা কৰি তাৰপিছত নিজে চিপ লৈ আত্মহত্যা কৰে।

জানিব পৰা মতে দম্পতীহাল অনুপ কুমাৰ (৩৮) আৰু ৰাখী (৩৫) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তেওঁলোক উত্তৰ প্ৰদেশৰ নাগৰিক আছিল। অনুপে যোৱা দুবছৰ ধৰি বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত চফটৱেৰ কনচালটেণ্ট হিচাপে কাম কৰি আছিল।

স্থানীয় লোকৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ কন্যা সন্তানটি বিশেষভাবে সক্ষম আছিল। যাৰ ফলত তেওঁলোকে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এতিয়াও ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্তৰ অন্তত হে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।