NORTHEAST NOW (Assamese)
Popular Stories

উমৰাংছুৰ কয়লাখনিত ৩ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰঃ এতিয়াও আৱদ্ধ ১২ জনকৈ শ্ৰমিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2025 2:44 pm

উমৰাংছুৰ কালামাটিৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত ১০ জন শ্ৰমিকক জীৱন্তে উদ্ধাৰ হৈছে। আনফালে ৩গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। এতিয়াও আৱদ্ধ হৈ আছে ১২গৰাকীকৈ শ্ৰমিক। কয়লা খননৰ সুৰংগত জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

খনিটোৰ ভিতৰত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ বাবে আৱদ্ধ শ্ৰমিকসকলে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত উদ্ধাৰৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে। উদ্ধাৰ হোৱা লোকৰ প্ৰত্যক্ষ বিৱৰণীত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী (এন ডি আৰ এফ) আৰু সেনাৰ প্ৰাৰম্ভিক প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে পানীৰ স্তৰ বৃদ্ধিৰ বাবে, যিটো তথ্য অনুসৰি ১০০ ফুটলৈকে বৃদ্ধি পাইছে।

এন ডি আৰ এফৰ মুৰব্বী নৃপেন্দ্ৰ তিৱাৰীয়ে এতিয়াও আৱদ্ধ হৈ থকা খনিকৰৰ সঠিক সংখ্যা সন্দৰ্ভত খনি পৰিচালনাৰ পৰা সঠিক তথ্য নোপোৱাৰ বাবে উদ্ধাৰৰ সমন্বয়ৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ ওপৰত আলোকপাত কৰে।