NORTHEAST NOW (Assamese)
দেশ

HMPV নতুন ভাইৰাছ নহয়, আগৰ পৰাই আছে : আশ্বাস কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 7, 2025 2:06 pm

ভাৰতত চিনাক্ত হৈছে হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)। এই ভাইৰাছৰ দ্বাৰা বেংগালুৰুত আাক্ৰান্ত হৈছে ৮ মাহ আৰু ৩ মাহ বয়সৰ দুটা শিশু। ইয়াৰ উপৰিও আহমেদাবাদৰ আন এজন শিশু এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

ইয়াৰ উপৰিও মঙলবাৰে পুৱা মহাৰাষ্ট্ৰৰ নাগপুৰত দুজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল। ইয়াৰে এজনৰ বয়স সাত বছৰ, আনজনৰ বয়স ১৩ বছৰ। দুয়োজনেই কাঁহ আৰু জ্বৰত আক্ৰান্ত হৈছিল।

ইয়াৰ উপৰিও দেশৰ আৰু দুজন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। অর্থাৎ ভাৰতত সাতজন লোকৰ শৰীৰত HMPV সংক্রমণৰ খবৰ পোৱা গৈছে৷

সূত্ৰৰ পৰা জানিব পৰা মতে, বাংগালুৰুত আক্ৰান্ত দুয়োটা শিশুকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে ৩ মহীয়া কেঁচুৱাটোক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে ৮ মহীয়া শিশুটি এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

কেন্দ্ৰৰ পৰা এক বিবৃতিত জনোৱা হৈছে, ‘দুটা শিশুৰ দেহত এই ৰোগ ধৰা পৰিছে। ভাৰতকে ধৰি বিশ্বৰ বহু দেশত এইচ এম পি ভি আছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা বহু লোকৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে।

]কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ভিডিঅ’ বাৰ্তাযোগে দেশবাসীৰ উদ্বেগ দূৰ কৰিবলৈ কয় যে এইচ এম পি ভি নতুন ভাইৰাছ নহয়। ২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত কৰা হৈছিল। এই ভাইৰাছে বহু বছৰ ধৰি সমগ্ৰ বিশ্বতে বিয়পি আছে।

ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে এক সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য বিষয়া অতুলে কয় যে এইচএমপিভি হৈছে শ্বাস-প্ৰশ্বাসতন্ত্ৰ সংক্ৰমিত হোৱা ভাইৰাছৰ দৰে। বিশেষকৈ এবছৰৰ তলৰ শিশু আৰু বয়সস্থ লোক এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। আক্ৰান্ত হ’লে চৰ্দিৰ দৰে লক্ষণে দেখা দিব পাৰে।

এই ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণসমূহ হ’ল – কাহ, জ্বৰ, চৰ্দি, ডিঙিৰ বিষ, উশাহ লোৱাত কষ্ট, ফোহা আদি।

চিকিৎসকৰ মতে, এই ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ বিয়পি পৰাৰ আশংকা থাকে। এই ভাইৰাছ কাহ আৰু হাঁচিৰ দ্বাৰা বিয়পি পৰে।

এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে চিকিৎসকে মাস্ক ব্যৱহাৰ, চেনিটাইজিং আৰু স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পৰামৰ্শ দিছে।