NORTHEAST NOW (Assamese)
Popular Stories

৪ বছৰৰ ভিতৰত সৰ্বনিম্ন! দেশৰ জিডিপি বৃদ্ধিৰ হাৰ এবাৰতে হ্ৰাস হোৱাৰ সন্দেহ ব্যক্ত কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2025 8:45 pm

দেশৰ জিডিপি বৃদ্ধিৰ হাৰ এবাৰতে বহু পৰিমাণে হ্ৰাস কৰিব পাৰি বুলি ব্যক্তি কৰিছে। সেইটো হয়তো যোৱা ৪ বছৰৰ ভিতৰত আটাইতকৈ কম! আৰু ইয়াৰ ইংগিত কেন্দ্ৰীয় চৰকাৰৰ তথ্যই প্ৰকাশ কৰিছে। গতিকে স্বাভাৱিকতে নৰেন্দ্ৰ মোদী চৰকাৰৰ কপালত চিন্তাৰ চাপ দেখা গৈছে। লক্ষ্যটো দৰাচলতে পূৰণ হ’বনে?

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় বা এন এছ অ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ চিন্তনীয়। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৮.২ শতাংশ বিত্তীয় বৃদ্ধিৰ হাৰ চলিত বিত্তীয় বৰ্ষত ৬.৪ শতাংশ হ’বলৈ গৈ আছে। যদি হয় তেন্তে যোৱা ৪ বছৰৰ ভিতৰত আটাইতকৈ কম হ’ব।

ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ জিডিপি বৃদ্ধিৰ গতি মন্থৰ হোৱাৰ ইংগিত দিছিল। অৱশ্যে চলিত বিত্তীয় বৰ্ষত এই হাৰ ৬.৬ শতাংশ হ’ব বুলি তেওঁলোকে পূৰ্বানুমান কৰিছিল। কিন্তু নেশ্যনেল ষ্টেটিষ্টিকলে কয়, বৃদ্ধিৰ হাৰ তাতকৈ কম হ’ব৷ বিশেষজ্ঞসকলে এই বিষয়টো যথেষ্ট চিন্তনীয় বুলি ভাবে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) দেশৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৬.৭ শতাংশ। অৰ্থনীতিবিদসকলে অনুমান কৰিছিল যে দ্বিতীয় ত্ৰৈমাসিকত বৃদ্ধি ৬.৫ শতাংশ হ’ব পাৰে। কিন্তু বাস্তৱত আশা কৰাতকৈ বহু কম। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক (জুলাই-ছেপ্টেম্বৰ)ৰ সময়ছোৱাত ৫.৪ শতাংশ আছিল।

বিশেষজ্ঞসকলৰ মতামত প্ৰকাশ কৰিছে যে উৎসৱৰ বতৰ আৰু চৰকাৰে ঘোষণা কৰা বিভিন্ন আঁচনিৰ ফলত অহা ত্ৰৈমাসিকত সামান্য বৃদ্ধি পাব। কিন্তু এন এছ অ’ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে মোডী চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰিলে। আগন্তুক ৩ বছৰত দেশখনক তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি চৰকাৰে। কিন্তু জিডিপি বৃদ্ধিৰ হাৰৰ বিষয়ে যি পূৰ্বাভাস আহিছিল, সেইটোৱে নিশ্চিতভাৱে দেশৰ অৰ্থনৈতিক মহলত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে।