NORTHEAST NOW (Assamese)
Popular Stories

‘ইমাৰ্জেন্সি’ চাবলৈ প্ৰিয়ংকাক কংগনাৰ অনুৰোধ! পিছে ইন্দিৰা নাতিনীয়ে কি উত্তৰ দিলে ৰাণাৱটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2025 6:02 pm

প্ৰযোজক-পৰিচালক-অভিনেত্ৰী কংগনা ৰানাৱটে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ‘ইমাৰ্জেন্সি চিনেমা চাবলৈ অনুৰোধ জনায়। দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী প্ৰিয়ংকা গান্ধীৰ আইতাক। এই ছবিখন সেই সময়ৰ ভাৰতৰ আটাইতকৈ শক্তিশালী ব্যক্তি, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত আৰু বহু বিতৰ্কৰ কেন্দ্ৰবিন্দু ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত। মুক্তিৰ পূৰ্বেই এই ছবিখনে বাধা-বিঘিনি অতিক্ৰম কৰি অহা ১৭ জানুৱাৰীত মুক্তি পাবলৈ গৈ আছে। মন কৰিবলগীয়া যে দিল্লী বিধানসভা নিৰ্বাচনৰ ঠিক আগতেই হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা সমষ্টিৰ পৰা বিজেপি সাংসদ কংগনাৰ দ্বাৰা নিৰ্দেশিত ইমাৰ্জেন্সি মুকলি কৰা হৈছে।

কংগনা আৰু প্ৰিয়ংকা দুই মেৰুৰ ৰাজনীতিত অৱস্থান গ্ৰহণ কৰে যদিও দুয়োগৰাকীয়েই প্ৰথমবাৰৰ বাবে লোকসভাৰ সদস্য। মণ্ডীৰ পৰা কংগনা জয়ী হোৱাৰ দৰেই কেৰেলাৰ ৱায়নাদ লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে প্ৰিয়ংকাই লোকসভাত প্ৰৱেশ কৰে। ফলত শীতকালীন অধিবেশনৰ সময়ত দুয়োজনে তাত নিয়মিতভাৱে লগ হৈছিল। তেতিয়াই কংগনাই প্ৰিয়ংকাক ইমাৰ্জেন্সি চাবলৈ আহিবলৈ অনুৰোধ কৰিলে।

এটা সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগনাক সোধা হৈছিল যে গান্ধী পৰিয়ালৰ কোনোবাই ‘ইমাৰজেন্সী’ চাব বিচাৰে নেকি? প্ৰিয়ংকা-ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা কংগনাই কয়,  নাই! কোনোৱেই মোক একো কোৱা নাছিল। কিন্তু, সংসদত প্ৰিয়ংকা গান্ধীক লগ পাইছিলোঁ। মোৰ কাম আৰু চুলিৰ বাবে তেওঁ মোক প্ৰশংসা কৰিছিল। প্ৰশংসাও শুনি ভাল লাগিছিল। কংগনাই একমুখী হাঁহি এটা মাৰি কলে, মই তেতিয়া প্ৰিয়ংকাজীক কলোঁ, জানেনে, মই ইমাৰ্জেন্সি নামৰ এখন চিনেমা নিৰ্মাণ কৰিছো। এই ছবিখন আপুনি চাব লাগে। চাবলৈ ভাল পাব।