NORTHEAST NOW (Assamese)
Popular Stories

অসমত প্ৰথমজন HMPV ৰোগী চিনাক্ত! ডিব্ৰুগড়ত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে ৰোগবিধ

Posted by: অভীক চক্ৰৱৰ্তী, ডিব্ৰুগড় Updated by: অভীক চক্ৰৱৰ্তী, ডিব্ৰুগড় January 11, 2025 11:03 am

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি এটি ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে হিউমেন মেটাপনিউমোভাইৰাছ (এইচএমপিভি)।

এএমচিএইচৰ অধীক্ষক ধ্ৰুবজ্যোতি ভূঞাই কয় যে, ‘৪ দিন পূৰ্বে সাধাৰণ চৰ্দি সমস্যাৰ বাবে শিশুটিক এএমচিএইচত ভৰ্তি কৰা হৈছিল। কালি লাহোৱাল আইচিএমআৰ-আৰএমআৰচিৰ পৰীক্ষাৰ অন্তত শিশুটিৰ দেহত ভাইৰাছটো ধৰা পৰে।’

তেওঁ লগতে জনাইছে যে এই ভাইৰাছে পাঁচ বছৰ বয়সলৈকে শিশুক আক্ৰান্ত কৰে আৰু ই সাধাৰণ ভাইৰাছ।

তেওঁ লগতে কয় যে চিন্তাৰ কোনো কাৰণ নাই।

প্ৰধান ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসালয় JIPMER-Poducherry ৰ গৱেষকসকলে কৰা এক নতুন অধ্যয়নত প্ৰকাশ পাইছে যে শিশুৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰা হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) ভাৰতত বছৰ বছৰ ধৰি উপস্থিত থকাই নহয়, ইয়াৰ বিকাশো হৈছে।