NORTHEAST NOW (Assamese)
দেশ

৩০ কোটি টকাৰ সোণ, বৃহৎ পৰিমাণৰ ভাং : মুম্বাইৰ বিমান বিন্দৰত গ্ৰেপ্তাৰ ৬ বিদেশী নাগৰিক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 12, 2025 7:05 pm

বেংককৰ পৰা ভাৰতলৈ সৰবৰাহ হৈছে বৃহৎ পৰিমাণৰ সোণ আৰু ভাং। যোৱা দুদিনত মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ বিমানবন্দৰৰ পৰা ৬টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তৰ পৰা জব্দ কৰা হৈছে ৩০ কোটি টকাৰ সোণ আৰু বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে বিদেশী মুদ্ৰা।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুল্ক বিভাগে মুম্বাই বিমানবন্দৰৰ পৰা বিপুল পৰিমাণৰ ধন চোৰাংভাৱে অনা হব পাৰে বুলি তথ্য লাভ কৰে। এই খবৰৰ ভিত্তিত নিৰাপত্তা বাহিনী সাজু কৰি ৰখা হৈছিল।

বিমান বন্দৰত বেংককৰ দুজন যুৱক আৰু ৰাছ আল খাইমাৰ এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰি তালাচী চলাই ১.২৫৭ কেজি সোণ উদ্ধাৰ কৰে। মোজা আৰু জোতাৰ উপৰিও অভিযুক্তৰ শৰীৰৰ বিভিন্ন অংশত সোণ লুকুৱাই অনা হৈছিল।

তদুপৰি আন এক অভিযানত বেংককৰ পৰা অহা তিনি যাত্ৰীক শুল্ক কাৰ্যালয়ৰ বিষয়াই গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ পৰা উদ্ধাৰ হৈছে ১১.৯১৮ কেজি গাঞ্জা। যাৰ বজাৰ মূল্য ১১.৯১৮ কোটি টকা।

তদন্তকাৰীৰ মতে, এই বিপুল পৰিমাণৰ গাঞ্জা অভিযুক্তৰ ট্ৰলী বেগত প্লাষ্টিকেৰে মেৰিয়াই থোৱা আছিল। ইয়াৰ পূৰ্বেও একে ধৰণেৰে মুম্বাই বিমানবন্দৰত গাঞ্জাসহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে ১৮.৪৪২ কোটি টকাৰ ভাং।

শুল্ক বিভাগৰ তথ্য অনুসৰি ড্ৰাগছ আৰু সোণ উদ্ধাৰৰ উপৰিও মুম্বাইৰ পৰা ডুবাইলৈ যোৱা দুজন যাত্ৰীৰ পৰা ১৭.৪৬ লাখ বিদেশী মুদ্ৰা জব্দ কৰা হৈছে। মুঠতে যোৱা কেইদিনমানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণ, ড্ৰাগছ আৰু বিদেশী মুদ্ৰা।