NORTHEAST NOW (Assamese)
Uncategorized

অস্বাস্থ্যকৰ হৈ পৰিছে গুৱাহাটীৰ বায়ুৰ গুণাগুণঃ ১৫৩ত উপনীত বায়ু গুণাগুণ সূচাংক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2025 1:16 pm

অসমৰ ৰাজধানী চহৰ গুৱাহাটীত বায়ুৰ গুণাগুণৰ নিম্নগামী ধাৰা অব্যাহত আছে। গুৱাহাটীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক (AQI) ১৫৩, “অস্বাস্থ্যকৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে

https://www.aqi.in/in/dashboard/india/assam/guwahati

এই মাত্ৰাৰ বায়ু প্ৰদূষণে সকলোৰে স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে যদিও সংবেদনশীল ব্যক্তিয়ে স্বাস্থ্যৰ ঋণাত্মক লক্ষণ অনুভৱ কৰিব পাৰে।

ল’বলগীয়া সাৱধানতাঃ-

ঘৰৰ বাহিৰৰ কাম-কাজ সীমিত কৰক: ৰাতিপুৱাৰ খোজকঢ়া পিছুৱাই দিয়া বা বাহিৰত কটোৱা সময় বহু পৰিমাণে হ্ৰাস কৰাৰ কথা চিন্তা কৰক।

আপোনাৰ স্বাস্থ্য নিৰীক্ষণ কৰক: শ্বাস-প্ৰশ্বাসজনিত যিকোনো লক্ষণ যেনে কাহ, উশাহ-নিশাহ লোৱাত কষ্ট, বা ডিঙিত বিষ হোৱা আদিৰ প্ৰতি মনোযোগ দিব।

বতৰ আপডেট

আজিৰ গুৱাহাটীত উষ্ণতা ২৫ ডিগ্ৰী চেলছিয়াছত উপনীত হ, নিশাৰ নিম্নতম ১৩ ডিগ্ৰী চেলছিয়াছ হব। ৰাতিপুৱা কুঁৱলী থাকিলেও ক্ৰমান্বয়ে গোটেই দিনটো আংশিক ডাৱৰীয়া হৈ আকাশ পৰিষ্কাৰ হৈ পৰিব।

কালিৰ বতৰ:

উচ্চ তাপমাত্ৰা: ২৭.৮°ছেলচিয়াছ (গড়তকৈ ৪.১°C)

নিম্ন তাপমাত্ৰা: ১৩.০ ডিগ্ৰী চেলছিয়াছ