NORTHEAST NOW (Assamese)
Popular Stories

পথ দুৰ্ঘটনাত অলিম্পিক পদকজয়ী মনু ভাকেৰৰ আইতাক আৰু খুড়াকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2025 2:19 pm
পথ দুৰ্ঘটনাত অলিম্পিক পদকজয়ী মনু ভাকেৰৰ আইতাক আৰু খুড়াকৰ মৃত্যু

যোৱা ১৯ জানুৱাৰী দেওবাৰে মহেন্দ্ৰগড় বাইপাছ ৰোডত পুৱা প্ৰায় ৯ বজাত স্কুটাৰ আৰু ব্ৰেজা গাড়ীৰ সংঘৰ্ষৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অলিম্পিক পদকজয়ী মনু ভাকেৰৰ আইতাক আৰু খুড়াকৰ মৃত্যু হয়।

সংঘৰ্ষ ইমানেই ভয়াৱহ হৈ পৰিছিল যে মনু ভাকেৰৰ আইতাক আৰু খুড়াকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ী চালকজনে পলায়ন কৰে।

উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে মনু ভাকেৰে ৰাষ্ট্ৰপতিৰ পৰা খেলৰত্ন বঁটা লাভ কৰিছিল। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।