NORTHEAST NOW (Assamese)
দেশ

অৱশেষত ‘সকাহ’ পালে ৰাহুল গান্ধীয়ে! অমিত শ্বাহৰ মানহানিৰ গোচৰ স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2025 5:49 pm

অৱশেষত উচ্চতম ন্যায়ালয়ত কিছু সকাহ পালে ৰাহুল গান্ধীয়ে। অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি মন্তব্য দিয়াৰ অভিযোগত বিজেপি নেতাই মানহানিৰ গোচৰ ৰুজু কৰিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে।

অৱশ্যে এতিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ শুনানি স্থগিত ৰাখিছে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু অভিযোগকাৰীলৈও জাননী জাৰি কৰিছে।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ‘হত্যাকাৰী’ বুলি আক্ৰমণ কৰিছিল। এনে মন্তব্যৰ পিছতে বিজেপি নেতা নবীন ঝাই কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে।

ৰাহুল গান্ধীয়ে প্ৰথমে ৰাঁচী দণ্ডাধীশ আদালতত গোচৰ খাৰিজ কৰিবলৈ আবেদন জনায়। কিন্তু ন্যায়াধীশে এই আবেদ নাকচ কৰি গোচৰটো পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লয়। আদালতে ৰাহুল গান্ধীক ব্যক্তিগতভাৱে আদালত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

তাৰপিছত দণ্ডাধীশ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই গান্ধীয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপে। অৱশ্যে তাতো সকাহ লাভ নকৰে ৰাহুল গান্ধীয়ে।

তাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তেওঁ। এই গোচৰৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠত অনুষ্ঠিত হয়। ৰাহুল গান্ধীৰ হৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায় অধিবক্তা অভিষেক মনু সিংভীয়ে। তেওঁ কয়, যাৰ বিষয়ে মন্তব্য কৰা হৈছে, তেওঁ গোচৰ ৰুজু কৰিব পাৰে। কিন্তু তৃতীয় পক্ষই কেনেকৈ গোচৰ ৰুজু কৰিলে? ইয়াৰ পিছত দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে গোচৰৰ শুনানিৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ঝাৰখণ্ড চৰকাৰ আৰু আবেদনকাৰী নবীন ঝালৈ জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। অহা চাৰি সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ছয় সপ্তাহৰ পিছত হ’ন বুলি জানিব পৰা গৈছে।