NORTHEAST NOW (Assamese)
দেশ

আৰ জি কৰ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ : মৃত্যুদণ্ড নহয়, যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত সঞ্জয় ৰায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2025 4:54 pm
আৰ জি কৰ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ : মৃত্যুদণ্ড নহয়, যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত সঞ্জয় ৰায়

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰায়ৰ শাস্তি ঘোষণা কৰিলে কলিকতাৰ এখন সত্ৰ আদালতে।

সোমবাৰে আদালতে সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ন্যায়াধীশ অনিৰ্বান দাসে এই ঘটনাৰ ১৬৪ দিনৰ পাছত দোষীৰ শাস্তি ঘোষণা কৰে।

যোৱা শনিবাৰে সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ৬৪ (ধৰ্ষণ), ৬৬ (ধৰ্ষণৰ বাবে মৃত্যু), ১০৩ (১) (হত্যা) ধাৰাত তেওঁক দোষী সাব্যস্ত কৰা হয়।

শাস্তি ঘোষণাৰ পূৰ্বে সঞ্জয়ে আদালতৰ কক্ষত থিয় হৈ বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে যোৱা বছৰৰ ৯ আগষ্টত চিকিৎসালয়খনৰ চেমিনাৰ হলৰ পৰা উদ্ধাৰ কৰা হৈছিল এগৰাকী যুৱতী চিকিৎসকজনৰ মৃতদেহ। অভিযোগ অনুসৰি তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

কলিকতা আৰক্ষীয়ে তদন্ত কৰি যোৱা ১০ আগষ্টত এই ঘটনাৰ লগত জড়িত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰে। ১৩ আগষ্টত আদালতে এই ঘটনাৰ চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছিল। অৱশেষত সঞ্জয়ক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়।