NORTHEAST NOW (Assamese)
অসম

স্কটিছ ৰেঞ্জাৰ্ছ এফ চিত ট্ৰায়েলৰ বাবে আমন্ত্ৰিত মণিপুৰৰ ফুটবলাৰ বালা দেৱী নাংগম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2019 10:25 am
Poultry-import-1

গ্লাছগ’স্থিত স্কটিছ ৰেঞ্জাৰ্ছ ফুটবল ক্লাবত ট্ৰায়েলৰ বাবে আমন্ত্ৰিত হৈছে মণিপুৰৰ প্ৰতিভাৱান মহিলা ফুটবলাৰ বালা দেৱী নাংগম।

ট্ৰায়েলত অংশ লোৱাৰ উদ্দেশ্যে ফুটবলাৰ গৰাকীয়ে ইতিমধ্যে বুধবাৰে গ্লাছগ’লৈ ৰাওনা হৈছে।

যদি বালা দেৱীয়ে ট্ৰায়েলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে তেন্তে তেওঁক ৰেঞ্জাৰ্ছ এফ চিয়ে ২০২০ বৰ্ষৰ বাবে চুক্তিবদ্ধ কৰিব।

উল্লেখ্য যে, যদি ক্লাবৰ সৈতে চুক্তিবদ্ধ হয় তেন্তে তেওঁ দেশৰ বাহিৰৰ ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ সম্পূৰ্ণ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ব।

ৰেঞ্জাৰ্ছ এফ চিত ট্ৰায়েল দিবলৈ যোৱা ফুটবলাৰগৰাকীক স্পনছৰচিপ প্ৰদান কৰিছে ষ্টাৰ চিমেণ্টে।

‘এই সুযোগ পোৱা বাবে মই অত্যন্ত সুখী। মই মোৰ সৰ্বোচ্চ উজাৰি দিম। আশা কৰিছো যাতে ক্লাবটোত চুক্তিবদ্ধ হৈ দেশবাসীক গৌৰৱান্বিত কৰিব পাৰো’। এইদৰে মনৰ কথা ব্যক্ত কৰে ফুটবলাৰ বালা দেৱীয়ে।

২০১৪ আৰু ২০১৫ বৰ্ষত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ ‘উইমেনছ প্লেয়াৰ অব দ্যা ইয়েৰ’ বঁটা লাভ কৰা ২৯ বছৰীয়া বালা দেৱী বৰ্তমান মণিপুৰ আৰক্ষী বিভাগত কৰ্মৰত।