NORTHEAST NOW (Assamese)
অসম

প্ৰাপ্যৰ দাবীত জনতা ভৱন ঘেৰাও কৰিবলৈ অহা শতাধিক ৰান্ধনীক খানাপাৰাত আবদ্ধ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 20, 2019 11:19 am

NGOক খাদ্য বিতৰণৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই আজি হাতত লোৱা জনতা ভৱন ঘেৰাও কাৰ্যসূচী বিফল হয়।

দিচপুৰৰ জনতা ভৱনলৈকে সমদল কৰি অহাৰ উদ্দেশ্যৰে সমবেত হোৱা শতাধিক ৰান্ধনীক আৰক্ষীয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আবদ্ধ কৰি ৰাখে।

ইপিনে মঙলবাৰে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাৰ প্ৰতিবাদ সেও মানি আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সন্থাৰ সৈতে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁৰ সৈতে আলোচনাত বহিবলৈ সন্থা ইচ্ছুক নহয়।

ইয়াৰ বিপৰীতে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা বিচাৰিলে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাই।

পিছত প্ৰতিবাদস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত কৰাব বুলি আশ্বাস দিয়াত সন্থাই জনতা ভৱন ঘেৰাও কাৰ্যসূচী সময়িকভাৱে স্থগিত ৰাখে।

অৱশ্যে অহা এসপ্তাহৰ ভিতৰত ৰান্ধনী সন্থাৰ সৈতে যদি মুখ্য মন্ত্ৰী আলোচনাত মিলিত নহয় তেন্তে ভৱিষ্যতে পুনৰ জনতা ভৱন ঘেৰাও কৰিব বুলি সকিয়াই দিয়ে ৰান্ধনী সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে।

উল্লেখযোগ্য যে ৰান্ধনী সকলৰ প্ৰধান দাবী হ’ল NGOক মধ্যাহ্ন ভোজন আঁচনিৰ কামৰ দায়িত্ব দিয়া সিদ্ধান্ত বাতিল কৰা আৰু ৰান্ধনীসকলক এই কামত ৰাখি তেওঁলোকৰ দৰমহা পূৰ্বৰ ১০০০ টকাৰ সলনি ৯০০০ টকালৈ বৃদ্ধি কৰা।