NORTHEAST NOW (Assamese)
অসম

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানক নাকী লগাবলৈ শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ ব্যৱস্থা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 20, 2019 12:35 pm

শিৱসাগৰত বহুকেইটা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা ঋণৰ কিস্তি আদায়ৰ নামত বহু লোকৰ ঘৰৰ আচবাব পত্ৰকে ধৰি ঘৰৰ টিনপাত পৰ্যন্ত লৈ যোৱাৰ ঘটনা ঘটাৰ পিছত এতিয়া এনে প্ৰতিষ্ঠানক নাকী লগাবলৈ জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে।

শেহতীয়াকৈ এনে বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে উঠা ৰাজহুৱা অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মীপ্ৰিয়াই এক জাননী জাৰি কৰি অহা ৭দিনৰ ভিতৰত শিৱসাগৰত পৰিচালিত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ প্ৰমাণপত্ৰ, পঞ্জীয়ণপত্ৰ তথা অন্যান্য প্ৰয়োজনীয় নথি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

যদি কোনো প্ৰতিষ্ঠানে বৈধ নথি-পত্ৰ দাখিল কৰাত ব্যৰ্থ হয়, তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশ পত্ৰত উল্লেখ কৰা হয়।

আনহাতে এনে বিত্তীয় প্ৰতিষ্ঠানসমূহে জিলাখনত অবৈধ বিত্তীয় লেনদেন চলাই থকাৰ তথ্য যদি সাধাৰণ ৰাইজে লাভ কৰে তেন্তে জিলা প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।