NORTHEAST NOW (Assamese)
অসম

POCSO আইন ভংগ কৰিলে জি এম এইস কৰ্তৃপক্ষই : ৰাজহুৱা কৰিলে যৌন নিৰ্যাতনৰ ভুক্তভোগী নাবালিকাৰ নাম আৰু ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2025 8:58 pm

POCSO আইন ভংগ কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। স্পষ্টীকৰণ দিবলৈ গৈ ভয়ংকৰ কাম কৰিলে জি এম চি এইস কৰ্তৃপক্ষই।

চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মচাৰীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, বৃক্কৰ ৰোগৰ চিকিৎসাৰ বাবে যোৱা ১৩ জানুৱাৰী তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকীক।  কিন্তু যোৱা ১৯ জানুৱাৰীত নিশা ১২ মান বজাত কিশোৰীগৰাকীৰ মাতৃয়ে ঔষধ কিনিবলৈ যোৱাৰ সময়ত তাত নিয়োজিত এগৰাকী মহিলা চাফাই কৰ্মীয়ে কিশোৰীগৰাকীক বাথৰুমলৈ লৈ গৈছিল। তাত ইতিমধ্যেই সোমাই আছিল আব্দুল ৰছিদ নামৰ আন এজন চাফাই কৰ্মীজন। মহিলা গৰাকীয়ে কিশোৰীগৰাকীক বাথৰুমত ভৰাই বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়ে আৰু আব্দুলৰ কামনাৰ বলি হয় কিশোৰীগৰাকী।

লগতে পঢ়কঃ ১৯ জানুৱাৰীৰ নিশা কি হৈছিল ১৩ বছৰীয়া কিশোৰীৰ লগত? পোহৰলৈ আহিছে জি এম চি এইসৰ ভয়ংকৰ ঘটনা

ঘটনাৰ লগত জড়িত আব্দুল ৰছিদ আৰু কৰবী ৰয় নামৰ মহিলা চাফাই কৰ্মীগৰাকীৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দুই অভিযুক্তক।

কিন্তু এই ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰিছিল জি এম চি এইস কৰ্তৃপক্ষই। ইতিমধ্যে স্পষ্টিকৰণ দিয়াৰ নামত ভুক্তভোগীৰ নাম ফটো ৰাজহুৱা কৰিলে জি এম চি এইস কৰ্তৃপক্ষই। উল্লেখ্য যে POCSO আইন অনুসৰি, যৌন নিৰ্যাতনৰ ভুক্তভোগীৰ নাম, পৰিচয়, ঠিকনা আদি কোনেও প্ৰচাৰ কৰিব নোৱাৰে। কিন্তু জি এম চি এইস কৰ্তৃপক্ষই এই আইন ভংগ কৰি বিবেকহীনতাৰ পৰিচয় দিলে। এতিয়া কিশোৰীগৰাকীৰ যৌন নিৰ্যাতন আৰু ভুক্তভোগীৰ নাম পৰিচয় ৰাজহুৱা কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ ওপৰত কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষনীয়।