NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটী মহানগৰীত মহিলাৰ ৰহস্যজনক মৃত্যুঃ প্ৰেমিকক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2025 7:01 pm

গুৱাহাটীত মহানগৰত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চানমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গান্ধীবস্তিৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইতৰ কোঠাত মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চক জোকাৰি গৈছে।

ধেমাজিৰ ছিমেন চাপৰিৰ ২১ বছৰীয়া জন্মেশ্বৰী বসুমতাৰী নামৰ মহিলাগৰাকীক ২০২৫ চনৰ ২৬ জানুৱাৰীত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে বসুমতাৰীয়ে প্ৰেমিক পাইটৰ সৈতে গুৱাহাটীলৈ গৈছিল আৰু তাতেই তেওঁলোকৰ ভাড়াঘৰত থাকিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে পাইটক তেওঁৰ মৃত্যুৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে পাইটে তেওঁৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত মহিলাগৰাকীয়ে নিজৰ প্ৰাণ কাঢ়ি লৈছে বুলি চৰ্চা চলিছে যদিও আৰক্ষীয়ে সকলো সম্ভাৱনাৰ বাট মুকলি  ৰাখিছে।

মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।