NORTHEAST NOW (Assamese)
অসম

২৭০০ৰ দিশে অসম ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ১৫৫

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 8, 2020 12:25 am
642 persons test Covid19 positive in Assam on Saturday

১৫৫গৰাকী নতুন ক’ভিড পজিটিভ ব্যক্তিৰ সৈতে অসমত দেওবাৰে মুঠ আক্ৰান্ত ২৬৮১গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে। কিন্তু নতুনকৈ আক্ৰান্তসকল কোন জিলাৰ সেয়া সদৰী কৰা নাই।

অসমত এতিয়ালৈকে চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৩৬গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৩৮গৰাকী।

কালিৰ দিনটোত ২৩০ গৰাকী আক্ৰান্ত হৈছিল।

৫ জুনৰ দিনটোত বৰ্তমানলৈকে ২৩০ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে।

যোৱা ৪ জুনত ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’নাত।

তিনি জুনত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।