NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবত উন্মোচন হ’ব প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথমটো প্ৰতিমুৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 4:30 pm
Vajpayee

উত্তৰ-পূব ভাৰতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথমটো প্ৰতিমুৰ্তি লাভ কৰিব।

ইষ্ট-ৱেষ্ট কৰিড’ৰৰ জিৰো পইণ্টত ১৫ লাখ টকা ব্যয় সাপেক্ষে ১৩ ফুট উচ্চতাৰ বাজপেয়ীৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ উপস্থিতিত প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তিটো উন্মোচন কৰিব।

শিল্পী চন্দ্ৰশেখৰ দাসে কলকাতাৰ ষ্টুডিঅ’ত চাৰি মাহত বাজপেয়ীৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে।

শিলচৰৰ সাংসদ ড০ ৰাজদ্বীপ ৰয়ৰ পৰিকল্পনাৰে আৰু প্ৰায় ১১ হাজাৰ বিজেপি সমৰ্থকৰ সমৰ্থনেৰে বাজপেয়ীৰ প্ৰতিমুৰ্তিটো স্থাপন কৰাৰ মহান উদ্দেশ্য বাস্তবায়িত কৰাৰ দিশত আগবাঢ়িছে।

শিলচৰৰ সাংসদ গৰাকীয়ে নিজেই প্ৰতিমুৰ্তিটোৰ বাবে ১ লাখ টকা আগবঢ়াইছে।

‘‘বৰাক উপত্যকাৰ জনসাধাৰণ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীক লৈ অতি আৱেগিক। বাজপেয়ীয়ে ১৯৮৪ চনত মোৰ গৃহত তিনিদিন থাকি গৈছে,’’ শিলচৰৰ বিজেপিৰ সাংসদ গৰাকীয়ে লগতে কয়।

কেন্দ্ৰী মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ লগতে শিলচৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনটো অংশগ্ৰহণ কৰিব।