NORTHEAST NOW (Assamese)
অসম

আজি বিশিষ্ট নাগৰিকৰ সৈতে মত-বিনিময় কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি, মুখ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ May 28, 2018 7:44 am
মুখ্যমন্ত্ৰী-বিজেপিৰ সভাপতি

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদে পৰিস্থিতি জটিল কৰি তোলাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে বিশিষ্ট নাগৰিকৰ লগত মত বিনিময় কৰিবলৈ সাজু হৈছে বিজেপিৰ ৰাজ্যিক সমিতি।

আজি গুৱাহাটীৰ দিচপুৰস্থিত গড়কাপ্টানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে দলৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকিব।

আনহাতে, ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰাজ্যিক কৃষি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটো অনুষ্ঠানত উপস্থিত থাকিব।

উল্লেখযোগ্য যে বিজেপি-নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰ আৰু ৰাজ্য চৰকাৰখনে দুটা বছৰ অতিক্ৰম কৰিলে। আজি অনুষ্ঠিত হ’বলগীয়া মত-বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ সাফল্য সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট নাগৰিকৰ সন্মুখত খতিয়ান দাঙি ধৰিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে। একেদৰে অসম চৰকাৰৰ কাম-কাজ সন্দৰ্ভত মত-বিনিময় কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি অনুষ্ঠিত হ’বলগীয়া মত-বিনিময়ৰ অনুষ্ঠানলৈ বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱী, সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী, বিশিষ্ট ব্যৱসায়ী আদিকো নিমন্ত্ৰণ জনোৱা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত সৃষ্টি হোৱা আন্দোলনমুখী পৰিৱেশটোৰ মাজতে আজি হ’বলগীয়া মত বিনিময় অনুষ্ঠান অতি তাৎপৰ্যপূৰ্ণ হৈছে। যদিও চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে চৰকাৰী কাম-কাজ সন্দৰ্ভত মত বিনিময় কৰিবলৈ ৰাজ্যিক বিজেপিয়ে এই অনুষ্ঠানৰ আয়োজন কৰিছে, তথাপি মত-বিনিময়ৰ অনুষ্ঠানত উপস্থিত নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগ উত্থাপন কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

আনহাতে, আজিৰ এই বিশিষ্ট নাগৰিকৰ সৈতে মত-বিনিময় অনুষ্ঠানত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে। অনুষ্ঠানটোত নাগৰিকৰ অবাঞ্চিত প্ৰশ্নৰ সন্মুখীন হৈ অসহায় হৈ পৰিবলগীয়া পৰিস্থিতি সংবাদ মাধ্যমৰ পৰা গোপনে ৰখাৰ এয়া কৌশল বুলি বহুতেই মন্তব্য কৰিছে।