NORTHEAST NOW (Assamese)
Popular Stories

নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাৰ বিস্ফোৰণ-‘কেন্দ্ৰত চৰকাৰ সলনি হ’লে জে’ললৈ যাব লাগিব হিমন্ত বিশ্ব শৰ্মা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 30, 2025 8:30 pm

নতুন দিল্লী, ৩০ জানুৱাৰী –  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।আজি নতুন দিল্লীস্থিত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদ মেলত আপৰ নেতাগৰাকীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চালে বেৰে কোবোৱা ধৰণৰ মন্তব্য কৰিছে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে তেওঁ যিবোৰ অভিযোগ উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন। কোনো তদন্তকাৰী সংস্থাই কেজৰিৱালক দুৰ্নীতিগ্ৰস্থ বুলি প্ৰমাণ কৰিব পৰা নাই।

আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ অভিযোগ আছে। চিবিআইৰ জেৰা আৰু অনুসন্ধান চলি থকাৰ মাজতে তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছে। লগে লগে তেওঁৰ বিৰুদ্ধে তদন্ত বন্ধ কৰা হৈছে। তেওঁ সাজু হৈ থাকক। কেন্দ্ৰত চৰকাৰ সলনি হলে তেওঁ জেললৈ যাব লাগিব। মোদী, অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষা দিব নোৱাৰে। অসমৰ গান্ধীবাদী তথা কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰো ফাইল পুনৰ মুকলি হব।

দিল্লীৰ মহল্লা ক্লিনিকৰ সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই অসমৰ জিলাই জিলাই মেডিকেল কলেজৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ মেডিকেল কলেজত গেষ্ট্ৰিক, বা জ্বৰ, কাহৰো টেবলেট নাই। ৰোগীৰ চিকিৎসাৰ নূন্যতম সুবিধা নথকা চিকিৎসালয়, অধ্যাপক নথকা কলেজ স্থাপন কৰি দম্ভালি মৰা মুখ্যমন্ত্ৰীয়ে কেজৰিৱালক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই।

বিগত দিনত দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে। বিপৰীতে অসমত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে পত্নীক ব্যক্তিগত স্কুলৰ ব্যৱসায় কৰিবলৈ দিছে। মুখ্যমন্ত্রীয়ে সীমাহীন সম্পত্তি আহৰণ কৰিছে। আয়ৰ সৈতে সম্পত্তিৰ সামঞ্জস্য নাই। মুখ্যমন্ত্রীৰ পৰিয়ালে হোটেল, ধাবা, চাহ বাগিছা, টেলিভিছন চেনেল, বাতৰি কাকত, বিদ্যালয় আদিৰ ব্যৱসায় কৰিছে।

ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত দেৱলাল গাৰ্লোচাৰ পৰিয়াল , কাৰ্বি আংলং জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত তুলিৰাম ৰংহাং আদিৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কৰ তদন্ত হওঁক। এইবোৰৰ তদন্ত হলে মুখ্যমন্ত্ৰীৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব। তেতিয়াই গম পোৱা যাব অসমৰ প্ৰতিটো দুৰ্নীতি, কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত।” এনেদৰে আপৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰে ।