NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ বিমান দুৰ্ঘটনাত কোনো লোক জীৱিত নাই; উদ্ধাৰ হৈছে ২৮ টা মৃতদেহ, পালে ব্লেক বক্স

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 8:43 am

আমেৰিকাৰ ৰেগান ৱাশ্বিংটন ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানে মিলিটাৰী হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।  মাজ আকাশতে সংঘৰ্ষ ঘটে। প’ট’মেক নদীত বিমানখন বিধ্বস্ত হৈ পৰে। দাবী কৰা হৈছে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৬৪ জন লোক আছিল।

বৃহস্পতিবাৰে প্ৰথমে ১৮ জন লোকক নদীৰ পৰা উদ্ধাৰ কৰা হয়। সন্ধিয়ালৈকে গম পোৱা যায় যে বিমানখনৰ এজনো লোক জীৱিত নাই। সকলোৰে মৃত্যু হৈছে। এই পৰ্যন্ত ২৮টা মৃতদেহ নদীখনৰ পৰা উদ্ধাৰ কৰা হৈছে। শেহতীয়াভাৱে বিমানৰ ব্লেক বক্সো উদ্ধাৰ হৈছে।

ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। হেলিকপ্টাৰখনৰ সৈতে খুন্দা মৰাৰ ফলত আকাশতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ তদন্তৰ অন্তত ৱাশ্বিংটনৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী জন ডনেলিয়ে কয় যে এই পৰিস্থিতিত কোনো বাচি থকাটো সম্ভৱ নহয়। সেয়ে, প্ৰথমে আমি উদ্ধাৰৰ কামত নামিবলগীয়া হ’ল, যদিও তাৰ পিছত ই মৃতদেহ উদ্ধাৰত পৰিণত হ’ল।

ডনেলিৰ মতে, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৩০০ জন ফাৰ্ষ্ট ৰেছপণ্ডাৰক নিয়োগ কৰা হৈছে। সম্পূৰ্ণ আন্ধাৰত তেওঁলোকে কাম কৰি আছে। উদ্ধাৰকাৰীয়ে প্ৰচণ্ড বতাহ আৰু হিমশীতল পানীৰ সৈতে মোকাবিলা কৰিবলৈ কষ্ট পাইছে ।

ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰিছে যে আকাশ পৰিষ্কাৰ আছিল, গতিকে ইয়াত দৃশ্যমানতাৰ অভাৱৰ বিষয়টো গ্ৰাহ্য নহয়। এই দুৰ্ঘটনাৰ কাৰণ সঠিকভাৱে কি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এতিয়ালৈকে বিমান সংস্থাটোৱে এই বিষয়ে একো ঘোষণা কৰা নাই।