NORTHEAST NOW (Assamese)
অসম

ষ্টাম্প উফৰিল বিৰাটৰ! ১২ বছৰৰ পাছত ৰঞ্জীলৈ উভতিলেও ৰান কৰাত ব্যৰ্থ কোহলী (চাওক ভিডিঅ’)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 31, 2025 12:44 pm

ৰঞ্জীতো বিৰাট কোহলীয়ে ৰান সংগ্ৰহৰ ফৰ্মলৈ ঘূৰি আহিব নোৱাৰিলে। মাত্ৰ ৬ ৰানতে ক্লীন বোল্ড হৈ গ’ল। অৰুণ জেটলী ষ্টেডিয়ামত তেওঁৰ বেটিং চাবলৈ অনুৰাগীৰ ভিৰ হৈছিল। কিন্তু তেওঁলোক হতাশ হৈ পৰিল। এতিয়া দ্বিতীয় ইনিংছৰ বাবে অপেক্ষা। চাৰিদিনীয়া খেলখনৰ আজি দ্বিতীয় দিন।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ৩০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে দিল্লী-ৰে’লৱেৰ খেলখন। কোহলীক এবাৰ চাবলৈ প্ৰথম দিনাৰ পৰাই খেলপথাৰত ভিৰ কৰে দৰ্শকে। কোহলীক দেখিলে যদিও তেওঁৰ বেটিং দেখা নাছিল কিয়নো দিল্লীয়ে প্ৰথমে ফিল্ডিং কৰিছিল। সেয়ে, শুকুৰবাৰেও খেলপথাৰত উপস্থিত হৈছিল বহু দৰ্শক।

দিল্লীয়ে দুটা উইকেট হেৰুৱাৰ লগে লগে খেলপথাৰত প্ৰৱেশ কৰে বিৰাটে। ৰে’লৱেৰ পেচাৰ হিমাংশু সাংৱানৰ বলত বাউণ্ডেৰীও মাৰে। একেবাৰে ষ্ট্ৰেইট ড্ৰাইভ। কিন্তু পিছৰ বলটোতে তেওঁ ক্লিন বোল্ড হৈ যায়। উইকেটত মাত্ৰ ১৫টা বল খেলিছিল। সংগ্ৰহ কৰে ৬ ৰান। কোহলিৰ বেট আৰু পেডৰ মাজত ইমানেই ফাঁক আছিল যে নেদেখিলে বিশ্বাসেই নহ’ব।

ইতিমধ্যে ৰে’লৱেৰ ২৪১ ৰানৰ উত্তৰত দিল্লীয়ে ৪টা উইকেট হেৰুৱাইছে৷ এতিয়ালৈকে ব’ৰ্ডত মাত্ৰ ১১৮ ৰানহে সংগ্ৰহ হৈছে।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত মাত্ৰ এটা শতক অৰ্জন কৰিছে। তাৰ পিছত কেৱল ব্যৰ্থতা। ৰাষ্ট্ৰীয় দলৰ ক্ৰিকেটাৰসকলে ব’ৰ্ডৰ হেঁচাত ৰঞ্জী খেলিবলৈ বাধ্য হৈছে। বিৰাটে প্ৰায় ১২ বছৰৰ মূৰত ৰঞ্জী ট্ৰফী খেলিছে। কিন্তু প্ৰথম ইনিংছত ৰান কৰিব নোৱাৰিলে। ইয়াৰ পিছত দ্বিতীয় ইনিংছ। তাত বিৰাটে ৰান কৰিব পাৰেনে নাই তালৈ সকলোৰে চকু আছে।

ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰম্ভ হ’ব। সেই ছিৰিজত খেলিব বিৰাট আৰু ৰোহিতে। তাৰ পিছত চেম্পিয়নছ ট্ৰফী আচল প্ৰত্যাহ্বান হৈছে বিৰাট-ৰোহিতৰ। যদি তাতো বেট নুঘুৰে তেন্তে নিৰ্বাচকসকলে কঠিন সিদ্ধান্ত ল’ব পাৰে।