NORTHEAST NOW (Assamese)
অসম

অবৈধ ৰেট হল মাইনিঙৰ ওপৰত তীক্ষ্ণ দৃষ্টি! অসম চৰকাৰৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 10:48 am

অসমত চলি থকা অবৈধ ৰেট হল মাইনিং সম্পৰ্কত অসম চৰকাৰ ৭ টা বিভাগলৈ নিজাববীয়াকৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

এই অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

ডিমা হাছাও কয়লা খননৰ ট্ৰেজেডীক কেন্দ্ৰ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জনস্বাৰ্থৰ গোচৰ পঞ্জীয়ন কৰি মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সাতটা চৰকাৰী বিভাগক জাননী জাৰি কৰে।

মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰে গঠিত সংমণ্ডল বিচাৰপীঠে এই নিৰ্দেশত কয় যে, “আদালতে বিভিন্ন প্ৰতিবেদন লক্ষ্য কৰিছে যত উমৰাংছ অঞ্চলত প্ৰায় ২০০ৰো অধিক নিগনি ফুটাৰ খনি চলি আছে বুলি প্ৰকাশ পাইছে।”

বিচাৰপীঠে উল্লেখ কৰে যে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছত সংঘটিত হোৱা কয়লা খনিৰ ট্ৰেজেডী আদালতে লক্ষ্য কৰিছে।

“আদালতে এই কথাও লক্ষ্য কৰিছে যে কাৰ্বি আংলং জিলাত অবাধে ৰেট হল মাইনিং চলাই থকা হৈছে, একেখিনি কথা চৰকাৰেও লক্ষ্য কৰিছে। কিন্তু সেইবোৰ বন্ধ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।”

উচ্চ ন্যায়ালয়ে ৭ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দিবলৈ জাননী প্ৰেৰণ কৰা ৭ টা বিভাগক নিৰ্দেশ দিছে।

মুখ্য সচিবৰ উপৰি উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ, খনি আৰু খনিজ পদাৰ্থ, পৰিৱেশ আৰু বন, গৃহ আৰু ৰাজনৈতিক, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ জাননী জাৰি কৰে।

উল্লেখ্য যে যোৱা ৬ জানুৱাৰীত উমৰাংছ অঞ্চলৰ কয়লা কুৱেৰীৰ ভিতৰত আবদ্ধ হৈ পৰিছিল কমেও ৯ জন শ্ৰমিক।

ইয়াৰে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় যদিও খনিটোত এতিয়াও সন্ধানহীন হৈ আছে পাঁচজন শ্ৰমিক।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৪ চনত ৰেট হল মাইনিং নিষিদ্ধ কৰিছিল। কিন্তু উত্তৰ-পূবত এতিয়াও এই অবৈধ পদ্ধতিৰে কয়লা নিষ্কাশন কৰা হয়।