NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে ‘হিন্দু জাতীয়তাবাদ, খলিস্তানী : ফাদিল ব্ৰিটেইনৰ গোপন নথি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 3:14 pm

হিন্দু জাতীয়তাবাদ আৰু খালিস্তানী উগ্ৰবাদ এই সময়ত ব্ৰিটেইনৰ সন্মুখত থকা দুটা ‘বৃহৎ বিপদ। শেহতীয়াকৈ ব্ৰিটেইনৰ গৃহ বিভাগৰ এটা গোপন নথি ফাদিল হৈছে। তাত হিন্দু জাতীয়তাবাদ আৰু খালিস্তানী উগ্ৰবাদকে ধৰি ৯টা বিষয় ব্ৰিটেইনৰ বাবে ক্ৰমাৎ বিপদ হিচাপে থিয় দিয়াৰ কথা উল্লেখ কৰা হৈছে।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ২০২৪ চনৰ আগষ্ট মাহত ব্ৰিটিছ গৃহ সচিব ইভেট কুপাৰে গঠন কৰিছিল এখন সমিতি। কমিটীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ‘হিন্দু জাতীয়তাবাদ এক উগ্ৰবাদী মতাদৰ্শ

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ব্ৰিটেইনৰ বাবে আন এক উদীয়মান ভাবুকি হৈছে খালিস্তানী উগ্ৰবাদ।

প্ৰসংগক্ৰমে গৃহ বিভাগৰ প্ৰতিবেদনত প্ৰথমবাৰৰ বাবে ‘হিন্দু জাতীয়তাবাদক উগ্ৰবাদ হিচাপে চিনাক্ত কৰা হৈছে।

২০২২ চনত লেষ্টাৰৰ দাঙ্গাৰ পিছত ‘হিন্দু জাতীয়তাবাদী উগ্ৰবাদক বিপদ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। সেই বছৰৰ ২৮ আগষ্টত ভাৰত-পাকিস্তান এছিয়া কাপৰ খেলৰ পাছত ব্ৰিটিছ হিন্দু আৰু দক্ষিণ এছিয়াৰ ব্ৰিটিছ মুছলমানৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

তাৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত প্ৰস্তুত কৰা প্ৰতিবেদনত ৯টা উগ্ৰবাদৰ তালিকা দিয়া হৈছিল। য’ত কোৱা হৈছে যে এই উগ্ৰবাদী সকলক প্ৰতিৰোধ কৰাৰ প্ৰয়োজন।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ ভিতৰত আছে ইছলামিক, উগ্ৰ সোঁপন্থী, চৰম নাৰীবিদ্বেষী, খালিস্তান সমৰ্থক উগ্ৰবাদ, হিন্দু জাতীয়তাবাদী উগ্ৰবাদ, পৰিৱেশ উগ্ৰবাদ, বাওঁপন্থী, নৈৰাজ্যবাদী আৰু একক বিষয়ৰ উগ্ৰবাদ, হিংসা আৰু ষড়যন্ত্ৰমূলক তত্ত্বৰ প্ৰতি আকৰ্ষণ।