NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, দুজনক আটক

Posted by: কাজী জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম, বিশ্বনাথ December 17, 2021 4:23 pm
Drugs seized

প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰাল ভাৱে আজি বিশ্বনাথত আৰক্ষীৰ এক সফল অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ হয়।

বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছ ভৰ্তি ১৬ টা কণ্টেইনাৰ সহ বহু নগদ টকা।

বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ, ডি এচ পি জয়ন্ত বৰা আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায়।

এই অভিযানত আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক গ্ৰেপ্তাৰ কৰে। যুৱক দুজনক দলগাঁৱৰ ফকিৰ আলী আৰু বেচিমাৰিৰ ইনামূল হক বুলি চিনাক্ত কৰা হৈছে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে AS 07 M 8922 নম্বৰৰ এখন i20 গাড়ী জব্দ কৰে।