NORTHEAST NOW (Assamese)
Popular Stories

জ্যেষ্ঠ সাংবাদিক পল্লৱ কুমাৰ বৰাৰ দেহাৱসান! ঘনিষ্ঠ মহলত শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2025 12:40 pm

সোমবাৰে নিশা অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পল্লৱ কুমাৰ বৰাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়।

পৰিয়ালৰ লোকৰ মতে, বিগত কেইমাহমানৰ পৰা বৰা স্বাস্থ্য সম্পৰ্কীয় কিছুমান বিশেষ সমস্যাত ভুগি আছিল।

জানিব পৰা মতে হঠাতে তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ যায় আৰু কোনো চিকিৎসা সাহায্যৰ ব্যৱস্থা হোৱাৰ আগতেই বৰাৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৪৮ বছৰ।

বৰা নৰ্থইষ্ট নাওকে ধৰি কেইবাটাও সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল।

২৯ বছৰৰো অধিক অভিজ্ঞতাৰে বৰা সকলো ধৰণৰ সাংবাদিকতাত অভ্যস্ত আছিল।

১৯৯৬ চনত ডিডি নিউজৰ ভিডিঅ সাংবাদিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি তাৰ পাছত ষ্টাৰ নিউজ, এবিপি নিউজৰ লগতে ইণ্ডিয়া টুডেৰ সৈতে জড়িত আছিল।

২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে নৰ্থইষ্ট নাওৰ চীফ কপি ইডিটৰ হিচাপে বৰাই কাৰ্যনিৰ্বাহ কৰিছিল।তাৰ পূৰ্বে তেওঁ এবিপি নিউজৰ সৈতে জড়িত আছিল।

বৰাই ইহ সংসাৰত পত্নী আৰু পুত্ৰক এৰি থৈ যায়।