NORTHEAST NOW (Assamese)
জীৱনশৈলী

চাণক্যৰ নীতি : জীৱনত উন্নতি কৰিবলৈ এইখিনিয়েই মূল কথা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 7:00 am

চাণক্য আছিল এজন প্ৰসিদ্ধ দাৰ্শনিক, ৰাজনীতিবিদ, আৰু কূটনীতিবিদ । তেওঁৰ জীৱনদৰ্শন আৰু উপদেশসমূহ আজি পৰ্যন্ত যথেষ্ট প্ৰাসংগিক। চাণক্যৰ নীতি অনুসৰণ কৰিলে জীৱন আৰু সমাজত সফলতা লাভ কৰিব পাৰি।

সেয়ে চাণক্যই  কোৱা কিছু কথা আপোনালোকলৈ আগবঢ়াই দিছোঁ

শিক্ষা হৈছে মানুহৰ গুপ্ত ধন। ই সকলো ঠাইতে মানুহক সহায় কৰে আৰু দুঃসময়ত সৰ্বশ্ৰেষ্ঠ বন্ধু হয়।

এজন বেয়া বন্ধুৰ লগত বন্ধুত্ব কৰাৰ পৰিৱৰ্তে শত্রুৰ লগত শত্রুতা কৰা বেছি ভাল।


এজন পৰিশ্ৰমী ব্যক্তি কেতিয়াও দুখীয়া নহয়। যি প্ৰতিদিনে অধ্যয়ন কৰে, তেওঁ জ্ঞানহীন নহয়।


যি ঘৰত নাৰীক সন্মান কৰা হয়, সেই ঘৰত দেৱতা বাস কৰে। সময় আৰু নদীৰ পানী ৰৈ নাথাকে , সেয়ে সময়ক সঠিকভাবে ব্যৱহাৰ কৰা উচিত।


নিজৰ গুপ্ত কথা, দৈনিক অভ্যাস, আৰু পাৰিবাৰিক সমস্যা কেতিয়াও আনৰ আগত কোৱা উচিত নহয়।


কোনো ব্যক্তিক অন্ধভাবে বিশ্বাস নকৰিব। বিশ্বাস কৰাৰ আগতে সাতবাৰ চিন্তা কৰিবা