NORTHEAST NOW (Assamese)
অসম

ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন T-20ত জয়ী ভাৰত! ৪-১ৰে ছিৰিজ দখল মেন ইন ব্লু’ৰ, জিলিকিল অভিষেক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 8:03 am

২ ফেব্ৰুৱাৰীত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ শৃংখলাৰ চূড়ান্ত খেলখনত ১৫০ ৰানত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে ভাৰতে।

খেলখনত অভিষেক শৰ্মাই মাত্ৰ ৫৪টা বলত ১৩৫ ৰান সংগ্ৰহ কৰি অভিলেখ ভংগ কৰে। অভিষেকে মুঠ ৭টা চাৰি আৰু ১৩টা ছয় মাৰে।

ইয়াৰ ফলত ভাৰতে ২০ অভাৰত মুঠ ২৪৭ ৰান সংগ্ৰহ কৰে। এইদৰে টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতে।

উল্লেখ্য যে ইংলেণ্ডে ১০.৩ অভাৰত মাত্ৰ ৯৭ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়।

ভাৰতৰ বলাৰ বিশেষকৈ মহম্মদ শামী আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰি জয় নিশ্চিত কৰে।

অভিষেক শৰ্মায়ো দুটা উইকেট দখল কৰে। এইদৰে টি-২০ মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰায় একপক্ষীয়ভাৱে জয় লাভ কৰে।

উল্লেখ্য যে অহা ৬ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত দল দুটা পুনৰ মুখামুখি হ’ব।