NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! বাঘৰ আক্ৰমণত প্ৰাণ গ’ল ৭ বছৰীয়া শিশুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2023 10:45 am

ডিব্ৰুগড় জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। এটা বাঘৰ আক্ৰমণত মৃত্যু হৈছে এজন সাত বছৰীয়া শিশুৰ।

জানিব পৰা মতে, নামৰূপৰ সতীশপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই কৰুণ ঘটনা। বাঘে আক্ৰমণ কৰাৰ ফলত বাগিছাত নিহত হৈছে শিশুটি।

সোমবাৰে নিশা চাহ বাগিচাত উদ্ধাৰ হয় মৃতদেহটো।

উল্লেখ্য যে যোৱা জানুৱাৰী মাহত শিৱসাগৰ জিলাত এটা নাহৰফুটুকীৰ আক্ৰমণত এজন নাবালক গুৰুতৰভাৱে আহত হৈছিল।

আমগুৰিৰ আবোপুৰীয়া নাৰা গাঁৱত সংঘটিত হৈছিল এই ঘটনা।

উজ্জল গগৈ নামৰ নাবালকটো নিজৰ ঘৰৰ আশেপাশে খেলি থকা অৱস্থাত নাহৰফুটুকীটোৱে আক্ৰমণ কৰে।

পিছত ল’ৰাজনক চিকিৎসাৰ বাবে আমগুৰিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সৌভাগ্যক্ৰমে এই আক্ৰমণ মাৰাত্মক নহ’ল আৰু নাবালকটি সুস্থ হৈ উঠে।