NORTHEAST NOW (Assamese)
Popular Stories

আজি মন্দিৰৰ দুৱাৰ খোলা! প্ৰতিকুল বতৰত ২০ কুইন্টল ফুলেৰে মুকলি হ’ল কেদাৰনাথ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2023 9:54 am
আজি মন্দিৰৰ দুৱাৰ খোলা! প্ৰতিকুল বতৰত ২০ কুইন্টল ফুলেৰে মুকলি হ’ল কেদাৰনাথ

দীৰ্ঘ সময়ৰ পিছত মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। মঙলবাৰে পুৱা শ্লোক আৰু ধাকঢোলৰ স্পন্দনৰ মাজতে কেদাৰনাথ ধামৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয়।

ভগৱান শিৱৰ বাসস্থান বুলি বিশ্বাস কৰা কেদাৰনাথ ধাম আজি মুকলি হোৱাৰ পূৰ্বে ২০ কুইণ্টল ফুলেৰে সজাই তোলা হয়।

কিন্তু প্ৰতিকুল বতৰৰ বাবে উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে কেদাৰনাথ যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীৰ পঞ্জীয়নৰ আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে। তীৰ্থযাত্ৰা পথত প্ৰচণ্ড তুষাৰপাতৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীৰ বাবে কেদাৰনাথ ধামলৈ যোৱা পথত প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰিছে যাৰ ফলত ৰাজ্য চৰকাৰে আবেদন গ্ৰহণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি চলিত সপ্তাহৰ ভিতৰত কেদাৰঘাটীত বতৰ প্ৰতিকুল হৈ থকাৰ সম্ভাৱনা আছে। বিবৃতিটোত কোৱা হৈছে, ‘অহা এসপ্তাহলৈ কেদাৰনাথত বতৰ বেয়া হৈ থকাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা অনুসৰি ৰাজ্য চৰকাৰে কেদাৰনাথ ধাম ভ্ৰমণৰ পঞ্জীয়ন বন্ধ কৰি দিছে। ”