NORTHEAST NOW (Assamese)
Popular Stories

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2025 9:35 pm

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বৈধতা সন্দৰ্ভত অহা ৭ অক্টোবৰত চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্টকৈ কয় যে এই শুনানিৰ পাছত প্ৰদান কৰা ৰায় সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব।

আদালতে প্ৰাথমিকভাৱে কোনো মতামত প্ৰদান নকৰি জানিবলৈ দিয়ে যে বিহাৰৰ SIR প্ৰতি প্ৰত্যাহ্বান কৰা পক্ষক দেশজোৰা SIR প্ৰক্ৰিয়াৰ বৈধতা সন্দৰ্ভতো যুক্তি উপস্থাপন কৰাৰ অনুমতি দিয়া হ’ব।

ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া পৰিচালনা কৰা ভাৰতীয় নিৰ্বাচন আয়োগে আইন অনুসৰি কাম কৰিছে বুলি আদালতে মন্তব্য কৰে। যদিও আদালতে সকীয়াই দিছে যে, যদি এই প্ৰক্ৰিয়াত কোনো অনিয়ম বা অবৈধ কাৰ্যকলাপৰ প্ৰমাণ পোৱা যায় তেন্তে সমগ্ৰ সংশোধনী প্ৰক্ৰিয়াটোৱেই খাৰিজ কৰা হ’ব পাৰে।

ইয়াৰ লগতে বিহাৰত ভোটাৰ পঞ্জীয়নৰ বাবে ১২টা নথিৰ মাজত আধাৰ কাৰ্ডক অন্যতম নথি হিচাপে গ্ৰহণ কৰাৰ ৮ ছেপ্টেম্বৰৰ আদেশ সন্দৰ্ভতো আদালতে স্পষ্ট বক্তব্য আগবঢ়াইছে। আদালতে কয়, আধাৰ কোনো নাগৰিকত্বৰ প্ৰমাণ নহয়, আৰু ইয়াৰ সত্যতা নিৰ্বাচন আয়োগে পৰীক্ষা কৰিব লাগিব।

এই সিদ্ধান্ত সমগ্ৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ হ’ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে, বিশেষকৈ অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত য’ত ২০২৬ চনৰ এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে দেশজুৰি SIR কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰিছে যদিও অসমত নিৰ্বাচনৰ পূৰ্বে নিৰ্দিষ্ট সংশোধনী কৰা হ’ব নে নহয় সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই। অৱশ্যে আয়োগে ৰাজ্যসমূহক ভোটাৰ তালিকা নবীকৰণৰ বাবে প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছে আৰু কেইখনমান ৰাজ্যত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভও কৰিছে।