NORTHEAST NOW (Assamese)
অসম

পৰিৱৰ্তন! গাঁৱত ঘৰ সাজিলেও ল’ব লাগিব অনুমতি, দিব লাগিব কৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2021 12:27 pm
kjj

বিজেপি নেতৃত্বধীন চৰকাৰৰ কৃপাত এতিয়াৰে পৰা গাওঁ অঞ্চলত ঘৰ সাজিলেও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি ল’ব লাগিব।

ইয়াৰ বাবে ঘৰ সাজিবলৈ মন কৰা ব্যক্তিয়ে চৰকাৰৰ নিৰ্দিষ্ট কৰো আদায় দিব লাগিব। ইমান দিনে গাঁও অঞ্চলত ঘৰ সজাৰ বাবে কোনেও কাৰো অনুমতি ল’ব নালাগিছিল বা কৰ প্ৰদানো কৰিবলগীয়া হোৱা নাছিল।

চৰকাৰৰ এনে সিদ্ধান্তত জাঙুৰ খাই উঠিছে শিৱসাগৰৰ বিধায়ক অখিইল গগৈ। চৰকাৰৰ সিদ্দান্তৰ বিৰোধিতা কৰি অখিল গগৈয়ে এইবুলি প্ৰশ্ন কৰিছে যে অসমীয়াই এতিয়া বিহু পাতিবলৈও বিজেপিৰ অনুমতি ল’ব লাগিব নেকি?

আৰ এছ এছ নাগপুৰৰ নিৰ্দেশ মতেহে অসমীয়াই চলিব লাগিব নেকি?

চৰকাৰৰ এনে ব্যৱস্থাই গাঁৱৰ খেতিয়ক শ্ৰেণীৰ লোকসকলক ক্ষতিগ্ৰস্ত কৰিব বুলিও তেওঁ কয়।

কোভিডৰ সময়ত খেতিয়কৰ ওপৰত জাপি দিয়া এনে নীতি জনস্বাৰ্থৰ পৰিপন্থী বুলি অখিল গগৈয়ে আখ্যা দিয়ে।