NORTHEAST NOW (Assamese)
অসম

আই পি এলৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ডুবাইত উপস্থিত BCCI-ৰ অধ্যক্ষ সৌৰভ গাংগুলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 2:38 pm
আই পি এলৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ডুবাইত উপস্থিত BCCI-ৰ অধ্যক্ষ সৌৰভ গাংগুলী

অহা ১৯ ছেপ্তেম্বৰৰ পৰা য়ু এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’বৰ বাবে বুধবাৰে ডুবাইত উপস্থিত হৈছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী।

গাংগুলীয়ে নিজৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি এই কথা জনায়।

তেওঁ ইনষ্টাগ্ৰাম প’ষ্টত কয়, ‍‘ছয় মাহৰ মূৰত ফ্লাইটত,.. আই পি এলৰ বাবে ডুবাইলৈ যাব লাগিব… জীৱন সলনি হৈ যায়’।

ফটোখনত গাংগুলীক মাস্ক আৰু শ্বিল্ড পিন্ধা পৰিলক্ষিত হয়।

বি চি চি আইৰ অধ্যক্ষ গৰাকীয়ে এতিয়া অহা ছয় দিনৰ বাবে আইছ’লেশ্যনত থাকিব লাগিব। তেওঁ ২৩ ছেপ্তেম্বৰলৈকে য়ু এ ইত থকাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াত হ’বলগীয়া টি-২০ বিশ্বকাপ স্থগিত হোৱাৰ পিছতে বি চি চি আইয়ে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি ভাৰতৰ বিপৰীতে য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

বি চি চি আইয়ে আই পি এল অনুষ্ঠিত নকৰিলে ৪০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’লহেতেন।

১৯ ছেপ্তেম্বৰৰ পৰা য়ু এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচেৰে শুভাৰম্ভ হ’ব।