NORTHEAST NOW (Assamese)
অসম

অসমৰ চাহ শ্ৰমিকৰ বাবে ২০% পূজা বোনাছৰ দাবী অসম চাহ মজদুৰ সংঘৰ

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী September 10, 2020 1:40 pm
tea assam-1591103909

ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বৃহত্তম সংগঠন অসম চাহ মজদুৰ সংঘ(ACMS)ই চাহ শ্ৰমিকসকলৰ বাবে ২০% পূজা বোনাছৰ দাবী কৰিছে।

দুৰ্গা পূজাৰ তিনি সপ্তাহৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকসকলক এই বোনাছ আদায় দিবলৈ দাবী জনাইছে সংগঠনটোৱে।

১৯৬৫ চনৰ বোনাছ আইন অনুসৰি ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বাবে ন্যূনতম বোনাছ ৮.৩৩% আৰু সৰ্বাধিক ২০% ধাৰ্য কৰা হৈছিল।

আৰু এই আইনৰ দ্বাৰা সকলো স্থায়ী আৰু অস্থায়ী চাহ শ্ৰমিকে ন্যূনতম ৩০ দিন কাম কৰিলে এই বোনাছ লাভ কৰে।

“ইতিমধ্যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ ২০% পূজা বোনাছ নিশ্চিত কৰিবলৈ ভাৰতীয় চাহ সংস্থা, অসম শাখা(ABITA), অসম চাহ খেতিয়ক সংস্থা(ATPA), উত্তৰ পূৱ  চাহ সংস্থা(NETA), ভাৰতীয় চাহ পৰিষদ (BCP) আৰু টি এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া (TAI)লৈ আমি পত্ৰ প্ৰেৰণ কৰিছো।”  ACMSৰ সাধাৰণ সম্পাদক ৰুপেশ গোৱালাই কয়।

“প্ৰতি বছৰে আমি দাবী কৰি আহিছো যে দুৰ্গা পূজাৰ তিনি সপ্তাহৰ পূৰ্বে বাগিচাৰ শ্ৰমিকক বোনাছ দিব লাগে।” গোৱালাই আৰু কয়।

তেওঁ লগতে কয় যে জনায় যে বিগত বছৰ ৯৯% বাগিচাই সৰ্বোচ্চ পৰিমাণৰ বোনাছ প্ৰদান কৰিছিল।

“এই বছৰ উৎপাদন কমিলেও চাহৰ উচিত মূল্য লাভ কৰিছে বাগিচাসমূহে। সেয়ে আমি আশা কৰিছো যে এইবাৰো সৰ্বোচ্চ হাৰত শ্ৰমিকসকলক বোনাছ দিয়া হ’ব।” সম্পাদক গোৱালাই কয়।

উল্লেখ্য যে ৮০৩ খন পঞ্জীকৃত চাহ বাগানেৰে অসমে দেশৰ ৪৯% শতাংশ চাহ উৎপাদন কৰি আহিছে।

২০১৯ বৰ্ষত এণ্ড্ৰিউ য়ুলে, জেমছ ৱাৰেন, ৰাছেল ইণ্ডিয়া লিমিটেড, গুড্ৰীক, এম কে শ্বাহ এক্সপ’ৰ্ট আদি চাহ বাগিচাৰ প্ৰতিষ্ঠানসমূহে সৰ্বোচ্চ হাৰত শ্ৰমিকক পূজা বোনাছ প্ৰদান কৰিছিল।