NORTHEAST NOW (Assamese)
অসম

দশম আৰু দ্বাদশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিলে চিবিএছইয়ে; কেনেকৈ সংগ্ৰহ কৰিব শিক্ষাৰ্থীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 11:28 am

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ(চিবিএছই) দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। সোমবাৰে দুয়োটা পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে ব’ৰ্ডে। প্ৰাৰ্থীসকলে তেওঁলোকৰ এডমিট কাৰ্ডৰ সবিশেষ চিবিএছই ৱেবছাইট cbse.gov.in ত চাব পাৰিব।

অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ ১৮ মাৰ্চলৈকে চলিব দশম শ্ৰেণীৰ পৰীক্ষা। অহা ৪ এপ্ৰিলত শেষ হ’ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। নিৰ্ধাৰিত দিনকেইটাত পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।

এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮ হাজাৰ বিদ্যালয়ৰ প্ৰায় ৪৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব।

বিদ্যালয় কৰ্তৃপক্ষই cbse.gov.in ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব। তাৰ পৰা সংগম পৰ্টেললৈ যাব লাগিব। বিদ্যালয়খন চিনাক্ত কৰি তাৰ পৰাই এডমিট কাৰ্ড আৰু পৰীক্ষা কেন্দ্ৰৰ বিষয়ে বিতং তথ্য লাভ কৰিব পাৰিব।

যিহেতু এডমিট কাৰ্ড কেৱল স্কুলৰ লগইনৰ জৰিয়তেহে উপলব্ধ, গতিকে ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ডৰ ৱেবছাইটৰ পৰা পোনপটীয়াকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব। নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ বিদ্যালয়লৈ যাব লাগিব।