NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰশংসনীয় কাৰ্য;  পঞ্চায়তে পঞ্চায়তে কৰিছে চেনিটাইজিং

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 9, 2020 6:40 am
Senitization

সমগ্ৰ বিশ্বত আতংক সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ক’ৰ’নাভাইৰাছৰ ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ বিগত দিনত শিৱসাগৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ শিৱসাগৰ সংমণ্ডলে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে।

স্বচ্চ ভাৰত মিচন(গ্ৰামীণ)ৰ অধীনত শিৱসাগৰ জিলাৰ প্ৰতিখন গাঁও পঞ্চায়তৰ বাট-পথ তথা ঘৰ আদি চেনিটাইজিং কৰি থকা হৈছে।

বৃহস্পতিবাৰে  শিৱসাগৰৰ ৰংপুৰ পঞ্চায়তৰ অধীনৰ দিখৌ দলংৰ পৰা ৰংঘৰ চাৰিআলি পৰ্যন্ত সমগ্ৰ পথচোৱাৰ লগতে পথৰ কাষৰ দোকান ঘৰ আৰু মছজিদ চেনিটাইজিং কৰা হয়।

শিৱসাগৰ জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত কৰা চেনিটাইজিং কাৰ্যত অগ্নিনিৰ্বাপক বাহিনীয়ে সহায় কৰে।

সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা  ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্য চৰকাৰে  জিলা প্ৰশাসনক পঞ্চায়ত তথা বিভিন্ন জনবসতি এলেকা চেনিটাইজ কৰিবলৈ নিৰ্দেশ দিছে। সেয়ে বিভাগীয় কৰ্মচাৰী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ  সহযোগত এই কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।

আনহাতে, অনাগত দিনত বিভাগে শিৱসাগৰৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিখন গাঁৱত চেনিটাইজিং কৰিব বুলি জানিবলৈ দিয়ে বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ বৰদলৈয়ে।

ইপিনে, শিৱসাগৰৰ জনস্বাস্থ্য কৰিকৰী বিভাগে নিজাববীয়াকৈ নিজৰ পৰীক্ষাগাৰত চেনিটাইজাৰ প্ৰস্তুত কৰি বিভন্ন চৰকাৰী কাৰ্যালয় তথা ৰাইজৰ মাজত বিতৰণ কৰি আহিছে।

এই চেনিটাইজিং কাৰ্যৰ তদাৰক কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ বৰদলৈয়ে। উপস্থিত থাকে বিভাগৰ বিষয়া দিলীপ গগৈ, কল্যান বৰা, অলকেশ কাকতিকে ধৰি আন বিষয়া কৰ্মচাৰী সকল।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এনে কাৰ্যক সকলোৱে একেলগে প্ৰশংসা কৰিছে।