NORTHEAST NOW (Assamese)
অসম

অসম বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ ভয়ংকৰ কাণ্ড : নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 7:30 pm

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। বিশ্ববিদ্যালয়খনৰ এগৰাকী ৫৭ বছৰীয়া কৰ্মচাৰীয়ে বিশ্ববিদ্যালয় চৌহদতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ মতে, শুকুৰবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা।

বিশ্ববিদ্যালয়ৰ চাফাই কৰ্মী হিচাপে কৰ্মৰত আত্মীয়ৰ সৈতে বিশ্ববিদ্যালয়খনলৈ যোৱা কিশোৰীগৰাকীয়ে আইন বিভাগৰ এটা খালী শ্ৰেণীকোঠাৰ বাহিৰত ৰৈ থকা অৱস্থাত অভিযুক্তই জোৰকৈ ভিতৰলৈ নি যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছে।

অভিযুক্তই ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে আন কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে হস্তক্ষেপ কৰি নাবালিকাগৰাকীক উদ্ধাৰ কৰে।

আৰক্ষীয়ে অভিযুক্তক ফাৰুক আহমেদ বুলি চিনাক্ত কৰিছে। ইতিমধ্যে পকচো আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত দ্বাৰবন্দ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে ইতিমধ্যে অভিযুক্ত ফাৰুক আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।