NORTHEAST NOW (Assamese)
দেশ

মণিপুৰৰ হিংসাত মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ উচতনি! কল ৰেকৰ্ডৰ ফৰেন্সিক পৰীক্ষাৰ ‎প্ৰতিবেদনৰ দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 8:21 pm

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিংহই মণিপুৰৰ হিংসা বৃদ্ধিত উচতনি দিছিল নেকি? এটা ভাইৰেল অডিঅ’ ক্লিপৰ পিছতেই উত্থাপন হৈছে এই সন্দেহৰ।

এই সন্দেহযুক্ত অডিঅ’ ৰেকৰ্ডটোৰ ফৰেন্সিক পৰীক্ষাৰ প্ৰতিবেদন বিচাৰিছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে।

উল্লেখযোগ্য যে, ২০২৩ চনত আৰম্ভ হোৱা এই হিংসাত এতিয়ালৈকে ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে। লগতে হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে। 

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ পি.ভি. সঞ্জয় কুমাৰৰ বিচাৰপীঠে মণিপুৰৰ হিংসাৰ গোচৰৰ শুনানি গ্ৰহণ কৰে।

শুনানিৰ আৰম্ভণিতে ন্যায়াধীশ পি.ভি. সঞ্জয় কুমাৰে কয়, “উচ্চতম ন্যায়ালয়ত যোগদান কৰাৰ পিছত মই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ ঘৰত এদিন ৰাতিৰ ভোজত অংশগ্ৰহণ কৰিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মই এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব পাৰোঁ।” অৱশ্যে এই ক্ষেত্ৰত কোনেও বিতৰ্ক নকৰিলে।

গোচৰটোৰ শুনানিৰ সময়ত বীৰেন সিঙৰ সন্দেহজনক অডিঅ’ ক্লিপটোৰ প্ৰসংগ উত্থাপন হয়।

অধিবক্তা প্ৰশান্ত ভূষণে আদালতক কয়, “এটা গোপন বৈঠকত মুখ্যমন্ত্ৰীৰ কথোপকথন ৰেকৰ্ড কৰা হৈছিল। তাত তেওঁক কৈ থকা শুনা গৈছিল— ‘মেইটেই সম্প্ৰদায়ৰ কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নালাগে আৰু ৰাজ্যিক অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ লুট কৰাসকলক প্ৰশাসনে সুৰক্ষা দিব লাগে।”

তেওঁ আদালতক কয়, এই অডিঅ’ ক্লিপ দিল্লীস্থিত স্বাধীন ফৰেন্সিক লেব ‘ট্ৰুথ লেবছ’ৰ দ্বাৰা পৰীক্ষিত হৈছে। ফৰেনছিক প্ৰতিবেদন অনুসৰি, ক্লিপটোত শুনা কণ্ঠস্বৰ মুখ্যমন্ত্ৰী বিৰেন সিংহৰ কণ্ঠৰ সৈতে ৯৩% মিল আছে।”

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে চৰকাৰী ফৰেন্সিক লেবৰ পৰীক্ষাৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ২৪ মাৰ্চত হ’ব।