NORTHEAST NOW (Assamese)
অসম

দৰঙৰ অপহৃত যুৱতীক উদ্ধাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ এজন যুৱক

Posted by: মযূখ গোস্বামী July 12, 2018 1:49 pm
Kidnapper-accused-1-570x320

দৰং আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে ব্যাপক অভিযান চলাই এই সংক্ৰান্তত বুধবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। অপৰাধী যুৱকজনক জিলাখনৰ এটা অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

জিলাখনত চলাই অহা আন্ত:ৰাজ্যিক মানৱ সৰবৰাহ চক্ৰৰ এজন মূল অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰেম আৰু বিবাহৰ ভুৱা প্ৰতিশ্ৰুতি দি এগৰাকী যুৱতীক অপহৰণ কৰাৰ আন এক পৃথক ঘটনাত জিলাখনৰ দলগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে বুধবাৰে মঙলদৈ চহৰৰ গাতে লাগি থকা শান্তিপুৰ অঞ্চলৰ এগৰাকী বাসিন্দা চুনু আলীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে এই অপহৰণৰ ঘটনাৰ লগত জড়িত হৈ থকা অপহৃত যুৱতীগৰাকীকো উদ্ধাৰ কৰে।

ইয়াৰ মাজতে জানিব পৰা মতে  গ্ৰেপ্তাৰ হোৱা অভিযুক্তগৰাকীয়ে আৰক্ষীৰ জেৰাৰ সময়ত অপৰাধটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত চুনু আলীক আদালতত হাজিৰ কৰাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।