NORTHEAST NOW (Assamese)
অসম

বটদ্ৰৱাত ৫ সন্তানৰ মাতৃক বলাৎকাৰৰ অপচেষ্টা ৪ লম্পটৰ; দুজনক চিনাক্ত

Posted by: এন ই নাও নিউজ May 28, 2018 10:48 am
বটদ্ৰবা কাণ্ড, মহিলাক বলাৎকাৰৰ চেষ্টা

ৰাজ্য কপোঁৱা বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে পুনৰ বটদ্ৰৱাৰ বৰভেটিত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা।

ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱত সংঘটিত হ’ল মানৱতাক ভূলন্ঠিত কৰা এক ঘটনা, যি ঘটনাই পুনৰ লজ্জানত কৰিছে বটদ্ৰৱাবাসীক।

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে নিশা ২ বজাত বৰভেটিৰ এগৰাকী দৰিদ্ৰ মহিলা তথা পাচঁ সন্তানৰ মাতৃ নিজৰ উৰুখা পঁজাত শুই থকা অৱস্থাত একে গাঁৱৰে চাৰি পাষণ্ডই ঘৰৰ বেৰ ভাঙি মহিলা গৰাকীক মুখত সোপা দি চোকা অস্ত্ৰৰে আঘাত কৰে। সেই সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল।

অসহায় মহিলা গৰাকীৰ কাপোৰ ফালি ধৰ্ষণৰ চেষ্টা চলায় ৪ নৰপিশাচে। লগে লগে মহিলাগৰাকী আৰু চাৰি সন্তানে চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়া দৌৰি আহে। স্থানীয় লোক উপস্থিত হোৱাৰ উমান পাই নৰপিশাচ কেইটাই অসহায় মহিলাগৰাকীক পথাৰত পেলাই থৈ পলায়ন কৰে। ইয়াৰ পাছত ওচৰ-চুবুৰীয়াই পথাৰৰ পৰা মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত খবৰ দিয়ে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে  আৰক্ষী উপস্থিত নোহোৱাত ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। আনকি দুৰ্ভগীয়া আঘাতপ্ৰাপ্ত মহিলাগৰাকী নিজ গৃহতে পৰি আছে। মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট।

মহিলাগৰাকীয়ে ৪ নৰপিশাচৰ ভিতৰত দুটাক আব্দুল নছৰ আৰু আব্দুল চালাম বুলি ইতিমধ্যে চিনাক্ত কৰিছে।