NORTHEAST NOW (Assamese)
Popular Stories

আইপিএলৰ ছানৰাইজাৰ্ছে হাজাৰ কোটি টকাত ইংলেণ্ডৰ লীগত ক্ৰয় কৰিলে দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী February 7, 2025 8:43 am

আন এটা ভাৰতীয় কোম্পানীয়ে ইংলেণ্ডৰ দ্য হাণ্ড্ৰেডত এটা দল ক্ৰয় কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মালিক কালানিথি মাৰাণৰ ছান গ্ৰুপে এতিয়া ১১০০ কোটি টকাত নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ মালিকীস্বত্ব লাভ কৰিছে।

অৱশ্যে ইতিমধ্যে দ্য হাণ্ড্ৰেডত ভাৰতীয় দলৰ আন দুটা দল আছে। প্ৰথম অৱস্থাত এই লীগত ক্ৰয় কৰা হৈছিল মুকেশ আম্বানীৰ মুম্বাই ইণ্ডিয়ানছ দল। ইয়াৰ পাছত সঞ্জীৱ গোৱেংকাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও ইংৰাজী লীগত এটা দল ক্ৰয় কৰে।

অৱশ্যে বাকী দুটা দলৰ পৰা ছানৰাইজাৰ্ছ দলটো ক্ৰয় কৰাৰ ক্ষেত্ৰত পাৰ্থক্য আছে। মুম্বাই ইণ্ডিয়ানছ দ্য হাণ্ড্ৰেডছে অভেল ইনভিনচিবলছৰ ৪৯ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মানচেষ্টাৰ অৰিজিনেলছৰ ৭০ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছিল। কিন্তু ছানৰাইজাৰ্ছে ছুপাৰচাৰ্জাৰৰ ১০০ শতাংশ মালিকীস্বত্ব ক্ৰয় কৰিছে।

ছুপাৰচাৰ্জাৰৰ মালিক আছিল ইয়ৰ্কশ্বাৰ কাউন্টিৰ। তেওঁলোকৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় পেটেলে কয় যে ছান গ্ৰুপৰ সৈতে এই অংশীদাৰিত্ব গঠন কৰি আমি আনন্দিত হৈছো। আশাকৰোঁ অনাগত দিনত আমি এই দলটোক নতুন উচ্চতালৈ লৈ যাব পাৰিম।

বাকী সকলো দলে সম্পূৰ্ণ মালিকীস্বত্ব এৰি নিদিয়াৰ সময়ত ইয়ৰ্কশ্বাইৰে কিয় ১০০ শতাংশ মালিকীস্বত্ব এৰি দিলে? এনে এটা প্ৰশ্নৰ উত্তৰত প্ৰকাশ পাইছিল যে ইয়ৰ্কশ্বাৰৰ আৰ্থিক অৱস্থা বেয়া। সেইবাবেই ছানৰাইজাৰ্ছে ১০০ শতাংশ মালিকীস্বত্ব লাভ কৰিছিল।

ইয়াৰ পূৰ্বে ভাৰতৰ বাহিৰৰ এখন লীগত ছানৰাইজাৰ্ছৰ এটা দল আছিল। দক্ষিণ আফ্ৰিকান লীগত ছানৰাইজাৰ্ছ ইষ্টাৰ্ণ কেপ। সেই লীগৰ দুবাৰৰ চেম্পিয়ন। ছানৰাইজাৰ্ছেও এবাৰ আইপিএলো জয়লাভ কৰিছে।