আমেৰিকাই বিতাড়ন কৰিব আৰু ৪৮৭ জন ভাৰতীয়ক : কেন্দ্ৰই প্ৰদান কৰিছে তথ্য

আমেৰিকাই অবৈধভাবে অনুপ্ৰৱেশৰ কৰা ১০৪ জন ভাৰতীয়ক ভাৰতলৈ ঘূৰাই পঠাইছে। আৰু অধিক ভাৰতীয় নাগৰিকক ঘূৰাই পঠিয়াব আমেৰিকাই।
এতিয়ালৈকে পোহৰলৈ অহা তথ্য অনুসৰি ৪৮৭ জন ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়ন কৰা হ’ব।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, আমেৰিকাৰ সৈতে হোৱা আলোচনা অনুসৰি পুনৰ ৮৭ জন লোকক ভাৰতলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ইফালে, প্ৰত্যাৱৰ্তন কৰা ভাৰতীয়সকলৰ সৈতে আমেৰিকাই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাখনো ফটো আৰু ভিডিঅ’, য’ত ভাৰতীয়ক হাত ভৰি বান্ধি কঁকালত ৰছী বান্ধি বিমানত উঠাই লৈ যোৱা হৈছে। এনে এটা ভিডিঅ’ মুকলি কৰিছে খোদ আমেৰিকাই।
শুকুৰবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সংসদত কয় যে আমেৰিকাৰ বহিষ্কাৰ প্ৰক্ৰিয়াটো নতুন কথা নহয়, বহু বছৰ ধৰি চলি আহিছে। তেওঁৰ তথ্য অনুসৰি ২০১৯ চনত আমেৰিকাৰ পৰা সৰ্বাধিক ভাৰতীয় বিতাড়িত হৈছে। সেই বছৰত ২০৪২ জনক বিতাড়ন কৰা হৈছিল। ২০২০ চনত ১৮৮৯ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছিল। ২০২৪ চনত সেই সংখ্যা আছিল ১৩৬৮ জন।
ইফালে ঘূৰি অহা এজন ভাৰতীয় নাগৰিকে দাবী কৰিছে যে তেওঁৰ বিগত ২ বছৰে বৈধ ভিছা আছে। ইয়াৰ পিছতো তেওঁক উভতাই পঠিয়াই দিয়া হ’ল।