NORTHEAST NOW (Assamese)
অসম

ছ’চিয়েল মিডিয়াত প্ৰভু ৰামক লৈ অপমানসূচক মন্তব্য কৰা অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 8:57 am
Anindya-Sen-750x375

যিটো সময়ত অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসক লৈ দেশৰ হিন্দুধৰ্মী লোক সকল আনন্দিত হৈ আছে সেই সময়তে শিলচৰত থকা অসম বিশ্ব বিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকে প্ৰভু ৰামচন্দ্ৰক লৈ ছ’চিয়েল মিডিয়াত কৰা কেতবোৰ মন্তব্যই বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।

অসম বিশ্ব বিদ্যালয়ৰ  সহকাৰী অধ্যাপক অনিন্দ্য সেনে ছ’চিয়েল মিডিয়াত ৰামচন্দ্ৰই পত্নী সীতাক কিয় পৰিত্যাগ কৰিছিল বুলি প্ৰশ্ন কৰাৰ পিচতে জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰে সংগঠন সমূহ।

সহকাৰী অধ্যাপক অনিন্দ্য সেনে কৰা মন্তব্যৰ বিৰুদ্ধে এ বি ভি পিৰ কৰ্মকৰ্তা ৰোহিত চান্দাই থানাত গোচৰ তৰিছে।

এ বি ভি পিৰ কৰ্মী ৰোহিত চান্দাৰ মতে ছ’চিয়েল মিডিয়াত ৰামৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি সহকাৰী অধ্যাপক গৰাকীয়ে হিন্দুধৰ্মী লোক সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে।

এখন সন্মানীয় বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক এগৰাকীৰ এনে কাৰ্যই সমাজৰ আন বহু লোকক তেনে কাম কৰিবলৈ উৎসাহিতকৰিব বুলি ৰোহিত চান্দাই তেওঁৰ এজাহাৰ খনত উল্লেখ কৰিছে।

চান্দাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যাপক গৰকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ক,২৯৪ আৰু ৫০১ ধাৰাত গোচৰ ৰুজু কৰিছে।