NORTHEAST NOW (Assamese)
অসম

গুৰুলা-গুৰলকৈ প্ৰহাৰ শিক্ষকৰ : স্কুলীয়া ছাত্ৰীৰ চৰম সিদ্ধান্তই জোকাৰি গ’ল লখিমপুৰ-ধেমাজী!

Posted by: ফাৰহানা আহমেদ, লখিমপুৰ Updated by: ফাৰহানা আহমেদ, লখিমপুৰ February 9, 2025 9:10 pm

ধেমাজী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অধ্যক্ষৰ প্ৰহাৰৰ পিছত মানসিকভাবে ভাগি পৰি আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে।

ধেমাজিৰ জয়ৰামপুৰৰ লিটিল ফ্লাৱাৰ ইংৰাজী স্কুলৰ ছাত্ৰী সোণমণি ভূঞাক যোৱা ১ ফেব্ৰুৱাৰীৰ বিয়লি সামান্য কথাতে অধ্যক্ষ পলাশ কোচে মাৰপিট কৰে। ফলত গুৰুতৰভাবে আহত হয় ছাত্ৰীগৰাকী।

গুৰুতৰভাৱে আহত সোণমণিক প্ৰথমে স্থানীয় ফাৰ্মাচীলৈ লৈ যোৱা হয় আৰু তাৰ পিছত গোগামুখৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

গোগামুখৰ চিকিৎসালয়ৰ পৰা সোণমণিক অভিভাৱক ভাগ্যৱতী ভূঞাই উত্তৰ লখিমপুৰৰ কদমত থকা তেওঁলোকৰ নিজৰ ঘৰলৈ লৈ যায়। সোণমণিৰ শৰীৰত গভীৰ আঘাতৰ চিন পৰিলক্ষিত হয় পৰিয়ালৰ লোকৰ।

ইপিনে, যোৱা ৪ ফেব্ৰুৱাৰীত বিদ্যালয়খনৰ অধ্যক্ষ পলাশ কোচে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সোণমণিক সাক্ষাৎ কৰে।

কিন্তু ইয়াৰ পিছদিনাই ৫ ফেব্ৰুৱাৰীত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি মানসিক অশান্তিত ভোগি থকা সোণমণিয়ে আত্মহত্যা কৰে।

ইতিমধ্যে সোণমণিৰ অভিভাৱকে বৰ্বৰ শাস্তি আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি পলাশ কোচৰ বিৰুদ্ধে বগীনদী থানাত এহাজাৰ দাখিল কৰিছে।

ভুক্তভোগীৰ অভিভাৱক ভাগ্যৱতী ভূঞাই জনোৱা মতে, অধ্যক্ষ পলাশ কোচে হোৱাটছএপত নিজৰ নিজৰ বৰ্বৰ শাস্তিৰ কথা স্বীকাৰ কৰিছিল। অৱশ্যে এজাহাৰ দাখিল কৰাৰ পিছত পলাশ পলাতক হৈ আছে আৰু আৰক্ষীয়ে এতিয়াও তেওঁৰ সন্ধান উলিয়াব পৰা নাই।