NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ জ্যেষ্ঠ সাংবাদিক য়াম্বেম লাবাক বন্দুকধাৰীয়ে অপহৰণ কৰি নিয়াৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2025 1:11 pm

মণিপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক মঙলবাৰে পুৱা অচিনাক্ত লোকে অপহৰণ কৰাৰ খবৰ পোৱা গৈছে।

ইম্ফলৰ উৰিপক ইয়াম্বেম লেইকাইত থকা বাসগৃহৰ পৰা অচিনাক্ত সশস্ত্ৰ ব্যক্তিয়ে অপহৰণ কৰে দ্য ষ্টেটছমেনৰ বিশেষ সংবাদদাতা য়াম্বেম লাবাক।

পুৱতি নিশা প্ৰায় ৩:৩০ বজাত ঘটনাটো সংঘটিত হয়। পৰিয়ালৰ লোকে জনোৱা মতে, অস্ত্ৰধাৰী ব্যক্তিকেইজনে বলপূৰ্বক বাসগৃহত প্ৰৱেশ কৰি বন্দুকৰ দেখুৱাই লাবাক লৈ যায়।

উল্লেখ্য যে এইবাৰে লাবা প্ৰথমবাৰৰ বাবে ভয়-ভাবুকিৰ সন্মুখীন হোৱা নাই।

ইয়াৰ পূৰ্বে চাৰি মাহত দুবাৰকৈ তেওঁৰ বাসগৃহত আক্ৰমণ চলোৱা হৈছিল। সশস্ত্ৰ উগ্ৰপন্থীয়ে তেওঁৰ ঘৰত গুলীচালনা কৰিছিল।

ইয়াৰ উপৰিও ২০২৩ চনৰ অক্টোবৰ মাহত অপৰাধমূলক ভাবুকি দেখুৱাই লাবাক গ্ৰেপ্তাৰ কৰা হৈছিল।

জ্যেষ্ঠ সাংবাদিক তথা মণিপুৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য লাবাই অঞ্চলটোক প্ৰভাৱিত কৰা বিভিন্ন বিষয়ত সৰৱ হৈ আহিছে। শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ফোন টেপিং ঘটনা সন্দৰ্ভত লাবাই দাখিল কৰা এটা গোচৰ গ্ৰহণ কৰিছিল।