NORTHEAST NOW (Assamese)
দেশ

শাৰীৰিক সম্পৰ্ক নাথাকিলে পৰপুৰুষৰ লগত থকা সম্পৰ্ক ‘পৰকীয়া’ নহয় : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2025 12:15 pm

ৰোমান্টিক অথবা প্ৰেমৰ সম্পৰ্ক থাকিলেও শাৰীৰিক সম্পৰ্ক নাথাকিলে বিবাহ বৰ্হিভূত সম্পৰ্কক পৰকীয়া বুলি গণ্য কৰিব নোৱাৰি।

শেহতীয়াকৈ ফুড পাৰ্চেল সম্পৰ্কীয় এক গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰে।

গোচৰটোৰ শুনানিৰ সময়ত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি এছ আহলুৱালিয়াই কয় যে এগৰাকী মহিলাই স্বামীৰ বাহিৰে আন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে। কিন্তু দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক থাকিলেহে ইয়াক বিবাহ বহিৰ্ভূত যৌন সম্পৰ্ক বুলি ক’ব পাৰি। কেৱল প্ৰেমৰ সম্পৰ্কক কোনো কাৰণতে বিবাহ বহিৰ্ভূত বুলি গণ্য কৰিব নোৱাৰি

মধ্যপ্ৰদেশৰ এজন লোকে পত্নীক জীৱিকাৰ ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। ব্যক্তিজনে দাবী কৰে যে তেওঁৰ পত্নীয়ে আন এজন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে। সেয়ে তেওঁ মহিলাগৰাকীৰ জীৱিকাৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে।

ইফালে পৰিয়াল আদালতে ব্যক্তিগৰাকীক পত্নীক মাহিলী ৪ হাজাৰ টকা ভৰণ-পোষণৰ বাবে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আবেদনত তেওঁ কয় যে তেওঁৰ পত্নী বিবাহ বহিৰ্ভূত প্ৰেমৰ প্ৰতি আকৃষ্ট, গতিকে তেওঁ পত্নীৰ ভৰণ-পোষণৰ দায়িত্ব নলয়।গোচৰটো খাৰিজ কৰি ন্যায়াধীশ জি এছ আহলুৱালিয়াই কয় যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৪৪(৫) ধাৰা আৰু ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ১২৫(৪) ধাৰাত উল্লেখ আছে যে কোনো ব্যক্তি ব্যভিচাৰত জড়িত হ’লে ভৰণ-পোষণৰ খৰচ পৰিশোধ কৰিবলৈ আপত্তি উত্থাপন কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত মহিলাগৰাকীৰ সম্পৰ্কক বিবাহ বহিৰ্ভূত বুলি ক’ব নোৱাৰি। কাৰণ শাৰীৰিক ঘনিষ্ঠতা অবিহনে কেৱল প্ৰেমৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সম্পৰ্কক কোনো কাৰণতে বিবাহ বহিৰ্ভূত সম্পৰ্ক বুলি ক’ব নোৱাৰি।