NORTHEAST NOW (Assamese)
অসম

প্ৰতিবন্ধকতা সত্ত্বেও মেধাশক্তিৰ পৰিচয় দিয়া জেবিনলৈ আজমল ফাউণ্ডেইশ্যনৰ ৫১ হাজাৰ টকাৰ আৰ্থিক সাহায্য

Posted by: এন ই নাও নিউজ May 28, 2018 7:18 pm

প্ৰতিবন্ধী আৰু দৰিদ্ৰতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হোজাই জিলাৰ মোৰাঝাৰৰ প্ৰতিবন্ধী তথা মেধাৱী ছাত্ৰী জেবিন কৌছাৰক আজি আজমল ফাউণ্ডেইশ্যনে আৰ্থিক সাহায্য আগবঢ়ায়।

উল্লেখযোগ্য যে আজমল ফাউণ্ডেইশ্যনে আজি হোজাই জিলাৰ মোৰাঝাৰৰ দৰিদ্ৰ তথা প্ৰতিবন্ধী মেধাৱী ছাত্ৰী জেবিন কৌছাৰক আৰ্থিক সাহায্য হিচাপে ৫১ হাজাৰ টকা আগবঢ়ায়। লগতে মেধাৱী ছাত্ৰী জেবিনে অধ্যয়ন কৰা জ্ঞানজ্যোতি একাডেমীলৈও আজমল ফাউণ্ডেইশ্যনে ৫০ হাজাৰ টকা আগবঢ়ায়।

উল্লেখযোগ্য যে প্ৰতিবন্ধী আৰু দৰিদ্ৰতাক নেওচি হোজাইৰ মোৰাঝাৰৰ জেবিন কৌছাৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি মুঠ ৩৮১ নম্বৰ লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

লগতে জেবিনে অধ্যয়ন কৰা মোৰাঝাৰৰ জ্ঞান জ্যোতি একাডেমীখনলৈও গৌৰৱ কঢ়িয়াই অনাৰ লগতে সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।