NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্কিন সুৰা পান কৰা সকললৈ সুখবৰ! আমেৰিকান হুইস্কিৰ ওপৰত থকা ৫০ শতাংশ কৰ প্ৰত্যাহাৰ ভাৰতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 15, 2025 4:18 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি শুকুৰবাৰে নিশা দিল্লীলৈ উভতি আহে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। কিন্তু তাৰ আগতে ভাৰত চৰকাৰে আমেৰিকাৰ হুইস্কিৰ ওপৰত ৫০ শতাংশ কৰ উঠাই দিয়ে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজহ বিভাগে ১৩ ফেব্ৰুৱাৰীত জাৰি কৰিছিল এক অধিসূচনা। ইয়াত উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা আমেৰিকাৰ বাৰ্বন হুইস্কিৰ আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হব। পূৰ্বে শুল্কৰ হাৰ আছিল ১৫০ শতাংশ।

ভাৰতত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক লোৱাৰ মাত্ৰাক লৈ ট্ৰাম্পে বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। মোদীক সাক্ষাৎ কৰাৰ কেইঘণ্টামান আগতে তেওঁ কৈছিল যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতি বেছি কৰ আৰোপ কৰে। ইয়াৰ পাছতে তেওঁ মোদীৰ সৈতে এখন বৈঠকত এই বিষয়ত আলোচনা কৰে। পাছত ট্ৰাম্পে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁতকৈ আলোচনাত ভাল। ট্ৰাম্পে লগতে কয় যে দুয়োখন দেশৰ বাণিজ্য নীতি সন্দৰ্ভত তেওঁলোকৰ মাজত ইতিবাচক আলোচনা হৈছিল।

১৪ ফেব্ৰুৱাৰীত ট্ৰাম্পৰ সৈতে মোদীয়ে সাক্ষাৎ কৰে। দেখা গল যে মাত্ৰ এদিন আগতে কেন্দ্ৰই আমেৰিকাৰ হুইস্কিৰ পৰা কৰ আঁতৰোৱাৰ বাবে এক অধিসূচনা জাৰি কৰিছিল। বহুতে কৈছে যে বৈঠকৰ পূৰ্বে মোদীয়ে আপোচ কৰিবলৈ চেষ্টা কৰিছিল। যাতে ট্ৰাম্পে তেওঁৰ ওচৰত অভিযোগ কৰাৰ সুযোগ কম পায়। কিন্তু শুকুৰবাৰে মোদী-ট্ৰাম্পৰ বৈঠকৰ পাছতে বাৰ্বন হুইস্কিৰ ওপৰত কৰ হ্ৰাসৰ ঘোষণা ৰাজহুৱা কৰা হয়।

উল্লেখ্য যে, আমেৰিকাত বাৰ্বন হুইস্কি অত্যন্ত জনপ্ৰিয়। ভাৰততো ইয়াৰ চাহিদা আছে। চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে যে এই বিশেষ হুইস্কিৰ ওপৰত প্ৰাৰম্ভিক শুল্ক ৫০ শতাংশ হব। ৫০ শতাংশ অতিৰিক্ত শুল্ক থাকিব। মুঠতে এই হুইস্কিৰ আমদানিৰ ওপৰত মুঠ ১০০ শতাংশ শুল্ক আৰোপ কৰা হব। কিন্তু আমেৰিকাৰ পৰা আমদানি কৰা আন কোনো মদৰ ওপৰত শুল্ক হ্ৰাস কৰা হোৱা নাই। ভাৰতে অধিকাংশ সুৰাৰ ওপৰত ১৫০ শতাংশ কৰ আৰোপ কৰে।

কেৱল ভাৰতেই নহয়, দক্ষিণ এছিয়াৰ বিভিন্ন দেশেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে। দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত বহু দেশত কৰ আৰোপ কৰাৰ পৰিকল্পনা ঘোষণা কৰে। তেওঁ কয় যে কৰ সম্পৰ্কে তেওঁৰ নীতি হ‘টিট ফৰ টেট। অৰ্থাৎ এখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত যিমানেই বেছি কৰ আৰোপ কৰিব সিমানেই সেই দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অধিক কৰ আৰোপ কৰিব। ট্ৰাম্পৰ এই সতৰ্কবাণীৰ পাছত বহুতে নিজৰ সুৰ কোমল কৰিছে। অনাগত দিনত ভাৰতে অধিক আমেৰিকান সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিব পাৰে।