ঘাইপথ নিৰ্মাণ কৰা শ্ৰমিকে ৰান্ধি খালে পোহনীয়া কুকুৰ! দুখত ভাগি পৰিল গৰাকী

চীন দেশৰ শ্বেনজেন প্ৰদেশৰ ঘাইপথৰ কৰ্মীসকলে এজন মানুহৰ পোহনীয়া কুকুৰ ৰান্ধি খোৱাৰ ঘটনা পোহৰলৈ আহিছে। কুকুৰটোৰ মালিক মালদ্বীপ ভ্ৰমণলৈ গৈছিল। সেই সময়ত তেওঁ কুকুৰটোক এটা আশ্ৰয় শিবিৰত এৰি থৈ যায়। অৱশ্যে ২৯ জানুৱাৰীত কুকুৰটোৱে তাৰ পৰা পলায়ন কৰে। কুকুৰটো মূলতঃ চীনা নৱবৰ্ষৰ আতচবাজীৰ শব্দত ভয় খোৱাৰ বাবে পলাই গৈছিল।
পাছত কুকুৰটোৰ মালিকে কুকুৰটোক বিচাৰি পোৱাৰ বাবে ৫০ হাজাৰ ইয়ান পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। অৱশ্যে মালিকে গম পোৱা নাছিল যে মৰমৰ কুকুৰটোক আনে ৰান্ধি খাইছে।
চাউথ চাইনা মৰ্নিং পোষ্টৰ বাতৰি অনুসৰি কুকুৰটোৱে পলায়ন কৰাৰ পাছত ঘাইপথত অকলে খোজ কাঢ়ি গৈ আছিল। সেই সময়ত এখন গাড়ীয়ে খুন্দা মাৰে। ইয়াৰ পাছতে পথৰ কাষত আঘাতপ্ৰাপ্ত হৈ পৰি আছিল কুকুৰটো। চিচিটিভি ফুটেজত দেখা গৈছে যে হাইৱে পেট্ৰ’লৰ দুজন বিষয়াই কুকুৰটোক নিজৰ গাড়ীত লৈ গৈছিল। পাছত তেওঁলোকে নিজৰ কোম্পানীৰ পাকঘৰলৈ লৈ গ’ল। তাৰ পাছত ইয়াক ৰান্ধি আঠজন লোকক খুৱাই দিয়া হৈছিল।
সঁচা কাহিনী জানিব পাৰি পিছত কুকুৰটোৰ মালিকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, “মোৰ মৰমৰ ইই ঘৰলৈ যোৱাৰ পথত গাড়ীয়ে খুন্দা মাৰিলে। তাক বচাব নোৱাৰাৰ বাবে দুঃখিত। মই তেওঁক সদায় মনত ৰাখিম।”
এই ঘটনা স্বীকাৰ কৰিছে ঘাইপথ কোম্পানী আৰু যান-বাহন আৰক্ষীয়ে। কোম্পানীটোৰ মালিকেও স্বীকাৰ কৰে যে তেওঁৰ কৰ্মচাৰীয়ে কুকুৰটো ৰান্ধি খাইছিল।
ইফালে কুকুৰটো ৰন্ধা পাকঘৰ আৰু ইয়াৰ লগত জড়িত সকলোৰে বিৰুদ্ধে তদন্ত অব্যাহত আছে। কুকুৰটোৰ মালিকে এই গোচৰত গোচৰ তৰিব বুলি জানিবলৈ দিয়ে।