NORTHEAST NOW (Assamese)
Popular Stories

চখ পূৰণেই হৈ পৰিল কাল! হাঙ্গৰৰ সৈতে ফটো তুলিবলৈ গৈ দুয়োখন হাত হেৰুৱালে যুৱতীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 10:16 am

কানাডাৰ এগৰাকী মহিলাই হাঙ্গৰৰ সৈতে ফটো তুলিবলৈ গৈ দুয়োখন হাত হেৰুৱাই পেলায়। কেৰিবিয়ানৰ কভ দ্বীপত সংঘটিত হৈছে এই ঘটনা। নিউজিলেণ্ড হেৰাল্ডে শনিবাৰে (১৫ ফেব্ৰুৱাৰী) প্ৰকাশ কৰা অনুসৰি ৫৫ বছৰীয়া মহিলাগৰাকীয়ে ৬ ফুট দীঘল হাঙ্গৰৰ সৈতে চেলফি তুলিবলৈ পানীত সোমাইছিল। ঠিক তেতিয়াই হিংস্ৰ মাছটোৱে যুৱতীৰ হাতখন কামোৰে। তেওঁৰ দুয়োখন হাত আঘাতপ্ৰাপ্ত হৈছে।

ইয়াৰ পাছতে তেওঁক খৰধৰকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে তেওঁৰ এখন হাত কাটিব লগা হয়।

সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শ্বাৰ্কে আক্ৰমণ কৰাৰ সময়ত বিলৰ আন লোকসকল আগবাঢ়ি আহিছিল। স্বামীয়ে প্ৰথমে হাঙ্গৰটোক ভয় খুৱাই আঁতৰাই নিলে। তাৰ পাছত আন মানুহে তাৰ তেজ ওলোৱা হাত দুখন কাপোৰেৰে বান্ধিলে। বৰ্তমান তেওঁ কানাডাত চিকিৎসাধীন হৈ আছে।

প্ৰত্যক্ষদৰ্শীয়ে কয় যে তেওঁলোকে ইয়াক বুল শ্বাৰ্ক বুলি ভাবিছিল। আক্ৰমণ কৰাৰ আগতে ৪০ মিনিট তাত ঘূৰি ফুৰিছিল।

তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বৰ প্ৰায় ৮৩ জন লোকক অকাৰণতে হাঙ্গৰৰ আক্ৰমণৰ সন্মুখীন হয়। বছৰৰ পিছত বছৰ ধৰি এই সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ দক্ষিণ অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ পূব অঞ্চলৰ উপকূলীয় অঞ্চলত বহু লোকক হাঙ্গৰৰ আক্ৰমণৰ সন্মুখীন হৈছে।